এইবাৰ ৰাজস্থান ! দলীয় আনুগত্যহীনতাই কংগ্ৰেছ পতনৰ অন্যতম মূল কাৰণ...

তিনি মন্ত্ৰীৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ...
RAJASHTHAN POLITICAL CRISIS
RAJASHTHAN POLITICAL CRISIS

ডিজিটেল ডেস্কঃ লবী কেন্দ্ৰিক ৰাজনীতিত বিধ্বস্ত কংগ্ৰেছে যেন ইতিহাসৰ পৰা কোনো শিক্ষা নল'লে। বিসম্বাদ আৰু লবী ৰাজনীতিৰ পাকচক্ৰত পৰি দলটো ক্ৰমান্বয়ে ধ্বংস হৈ অহাৰ লগতে ক্ষমতাৰ লোভত পৰি বিসম্বাদৰ আশ্ৰয় লোৱা নেতাৰ ভুলৰ বাবেই বহু কেইখন ৰাজ্যত ক্ষমতা হেৰুৱাবলগীয়া হৈছে।

দলৰ পৰা সকলো পোৱাৰ পিছতো ক্ষমতাৰ ৰাগীত মাতাল একাংশ আনুগত্যহীন নেতাৰ বাবেও যে শতিকা গৰা দলটো ধ্বংসৰ দিশলৈ গতি কৰিছে সেই কথা সৰ্বসাধাৰণে বুজি পালেও যেন বুজিবলৈ নিবিচাৰে দলটোৰ একাংশ ক্ষমতালোভী নেতাই। তাৰে শেহতীয়া উদাহৰণ ৰাজস্থান।

ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটক গান্ধী পৰিয়ালৰ আনুগত্যৰ বাবেই দলটোৰ সভাপতি নিৰ্বাচনত অংশগ্ৰহণ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছিল ছোনিয়া গান্ধীয়ে। ছোনিয়া, ৰাহুলৰ পৰামৰ্শৰ ভিত্তিত কংগ্ৰেছৰ সভাপতি নিৰ্বাচনত অংশগ্ৰহণ কৰিবলৈ লোৱা অশোক গেহলটৰ উত্তৰাধিকাৰী হিচাপে ৰাজস্থানৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব সেই বিষয়টোক লৈ এতিয়া কংগ্ৰেছৰ ভিতৰচৰাত ব্যাপক বিশৃংখলতাৰ সৃষ্টি হৈছে। পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে ৰাজস্থানৰ কংগ্ৰেছৰ চৰকাৰখনৰ ভৱিষ্যতেই অনিশ্চয়তালৈ গতি কৰিছে।

কংগ্ৰেছৰ সংবিধান অনুসৰিয়েই অশোক গেহলটে সভাপতি নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ পূৰ্বে ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰিব লাগিব। অন্যথা তেওঁ এই নিৰ্বাচনত জয়লাভ কৰিলে নিজেই নিজলৈকে পদত্যাগ পত্ৰ প্ৰেৰণ কৰি তাত নিজেই স্বাক্ষৰ কৰিব লাগিব। এনে এক পৰিস্থিতিত সভাপতি নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ পূৰ্বেই তেওঁ মুখ্যমন্ত্ৰীত্বৰ আসন ত্যাগ কৰাটো জৰুৰী।

এনে এক পৰিস্থিতিত ৰাজস্থানৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কেন্দ্ৰিক বিতৰ্কই পুনৰ গা কৰি উঠিছে। পূৰ্বে বিসম্বাদৰ আশ্ৰয় লৈ চৰ্চাৰ শীৰ্ষত থকা শচীন পাইলটেই এইবাৰো দলটোৰ মাজত সৃষ্টি হোৱা বিসম্বাদ তথা ক্ষমতা কেন্দ্ৰিক যুঁজখনৰ মূল কেন্দ্ৰবিন্দু।

ইতিমধ্যে এই ক্ষমতা কেন্দ্ৰিক যুঁজখন বহুদূৰ আগুৱাই গৈছে। তাৰ মাজতে আজি নতুন দিল্লীত কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীক সাক্ষাত কৰিবলৈ দিল্লীলৈ ৰাওনা হৈছে শচীন পাইলট। উল্লেখ্য, বুধবাৰে ৰাজস্থানৰ পৰা দিল্লীলৈ যোৱা অশোক গেহলটেও আজি দিনৰ প্ৰায় ১ বজাত ছোনিয়া গান্ধীক সাক্ষাত কৰিছিল।

মন কৰিবলগীয়া যে, অশোক গেহলটৰ নাম সভাপতিৰ বাবে চৰ্চা হোৱাৰ সময়তে ৰাজস্থানৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে একাংশই শচীন পাইলটৰ নাম চৰ্চালৈ আনিছিল যদিও অশোক গেহলটৰ অনুগত বিধায়কসকলে এতিয়া শচীন পাইলটৰ বিৰুদ্ধাচাৰণ কৰাৰ লগতে দলীয় অনুশাসন ভংগৰো অভিযোগত অভিযুক্ত হৈছে।

দলীয় অনুশাসন কমিটীয়ে অশোক গেহলটৰ অনুগত তিনি মন্ত্ৰী শান্তি ধৰিৱাল, মহেশ যোশী আৰু ধৰ্মেন্দ্ৰ ৰাথোড়ক তেওঁলোকৰ বিৰুদ্ধে কিয় অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ নকৰিব সেই বিষয়ে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে। আনহাতে ,ৰাজস্থানৰ পৰ্যবেক্ষক হিচাপে থকা কংগ্ৰেছৰ শীৰ্ষ নেতা মল্লিকাৰ্জুন খাৰ্গে আৰু অজয় মাকেনে ছোনিয়া গান্ধীলৈ ৰাজস্থানৰ বৰ্তমানৰ পৰিস্থিতি সন্দৰ্ভত নিজৰ প্ৰতিবেদন প্ৰেৰণ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in