আকাশ,বিশাল আৰু আনন্দে মিলি খাৱৈত পেলাই দিছিল ৰাজা ৰঘুবংশীৰ মৃতদেহ...

ৰাজাক হত্যাৰ অভিযোগত তেওঁৰ পত্নী সোণম ৰঘুবংশী, সোণমৰ প্ৰেমিক ৰাজ কুশৱাহা আৰু আন তিনি অভিযুক্ত ক্ৰমে বিশাল, আকাশ আৰু আনন্দ মেঘালয় আৰক্ষীৰ জিম্মাত আছে।

author-image
Asomiya Pratidin
New Update
e

ডিজিটেল ডেস্কঃ  ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডৰ ঘটনাই বিগত দিনত বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। বিয়াৰ কিছুদিন পিছতে মেঘালয়লৈ হনীমুনলৈ যোৱা ৰাজা ৰঘুবংশীক যিদৰে হত্যা কৰা হৈছিল, সেই ঘটনাই সমগ্ৰ দেশতে শোক আৰু ক্ষোভৰ পৰিৱেশ সৃষ্টি কৰিছিল। 

Advertisment

সমগ্ৰ গোচৰত মঙলবাৰে মেঘালয় আৰক্ষীয়ে সংবাদমেল অনুষ্ঠিত কৰি বহু ন ন তথ্য প্ৰকাশ কৰে। ৰাজাক হত্যাৰ অভিযোগত তেওঁৰ পত্নী সোণম ৰঘুবংশী, সোণমৰ প্ৰেমিক ৰাজ কুশৱাহা আৰু আন তিনি অভিযুক্ত ক্ৰমে বিশাল, আকাশ আৰু আনন্দ মেঘালয় আৰক্ষীৰ জিম্মাত আছে। মঙলবাৰে শিলচৰ আৰক্ষীয়ে এই আটাইকেইজন অভিযুক্তৰ সৈতে ক্ৰাইমচিন পুনৰ প্ৰস্তুত কৰে আৰক্ষীয়ে। 

ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ ক্ৰাইমচিন পুনৰ প্ৰস্তুত কৰা পাছতে ইষ্ট খাছি হিলছৰ আৰক্ষী অধীক্ষক বিবেক ছিমে কয়, "এই পদক্ষেপ সফল হৈছে। এতিয়া আমি ঘটনাৰ এখন স্পষ্ট ছবি পাইছো। অভিযুক্তই কেনেদৰে ঘটনা সংঘটিত কৰিলে সেই বিষয়ে জানিবলৈ এছ আই টিয়ে আজি কেইবাটাও স্থান ভ্ৰমণ কৰিছিল। আমি পাৰ্কিং লটৰ পৰা আৰম্ভ কৰিছিলো, য'ত তেওঁলোকে নিজৰ দুচকীয়া বাহনখন ৰখাইছিল।

আৰক্ষী অধীক্ষক আৰু কয় যে ৰাজা ৰঘুবংশীক তিনিবাৰ আক্ৰমণ কৰা হৈছিল, প্ৰথমে বিশাল, দ্বিতীয়তে আনন্দ আৰু শেষত আকাশে। তদন্তৰ সময়ত অন্য এক তথ্য পোহৰলৈ আহিল। অভিযুক্তই দুখন দাৰে ৰাজাক আক্ৰমণ কৰিছিল। এখন দা এতিয়াও উদ্ধাৰ কৰিবলৈ বাকী আছে। সেইখন উদ্ধাৰৰ চেষ্টা চলাইছে এছডিআৰএফে। 

ইয়াৰোপৰি আৰক্ষী অধীক্ষকে কয়, হত্যাকাণ্ডৰ পিছত অভিযুক্তই কেনেকৈ তাৰ পৰা পলায়ন কৰে সেয়াও পুনৰাবৃত্তি কৰা হৈছিল। আৰক্ষীয়ে এই সমগ্ৰ ঘটনা পৰকীয়া প্ৰেমৰ বাবে সংঘটিত হোৱা বুলিও স্পষ্ট কৰে।

আৰক্ষীয়ে জনোৱা মতে, ৰাজাক হত্যা কৰাৰ পিছত আকাশ, বিশাল আৰু আনন্দই একেলগে ৰাজাৰ মৃতদেহ এটা খাৱৈত পেলাই দিছিল আৰু হত্যাকাণ্ডৰ পিছত সোণম ৰঘুবংশীয়ে ৰাজাৰ ম’বাইল ফোনটো নষ্ট কৰি দিছিল। লগতে তিনি অভিযুক্তৰ সৈতে সোণমে উক্ত স্থান ত্যাগ কৰিছিল।

 

ৰাজা ৰঘুবংশী