/asomiyapratidin/media/media_files/2025/03/07/auYpro1nB9bQsYJT6HYS.jpg)
মঙলদৈত ৰজা ধৰ্মনাৰায়ণ দিৱস উদযাপন
ডিজিটেল সংবাদ, মঙলদৈ : মঙলদৈ ধর্মনাৰায়ণ চৌকা বৰপুখুৰীপাৰ আৰু জিলা পুথিভঁৰালত শুকুৰবাৰে দৰং ৰাজ্যৰ প্ৰতিষ্ঠাপক ৰজা ধর্মনাৰায়ণৰ ৰাজ অভিষেকৰ দিনটো "ৰজা ধৰ্মনাৰায়ণ দিৱস" হিচাপে উদযাপন কৰা। কায্যসূচী অনুসৰি পুৱা ১০ বজাত ধর্মনাৰায়ণ চৌকাত বন্তি প্ৰজ্বলনেৰে এই কাৰ্য্যসূচী শুভাৰম্ভ কৰা হয়।
অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ডা০ অমৰেন্দ্ৰ নাৰায়ণ দেৱে। ১০-৩০ বজাত অনুষ্ঠিত হয় শ্রদ্ধাঞ্জলি অর্পণ কাৰ্য্যসূচী। কাৰ্য্যসূচীত অর্পক হিচাপে অংশগ্ৰহণ কৰে সমিতিৰ সভাপতি, প্ৰাক্তন বিধায়ক তথা মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাসে।
আনহাতে ১১-০০ বজাত মঙলদৈ জিলা পুথিভঁৰালত অনুষ্ঠিত হয় মুকলি সভা। সভাত নিদিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰে জ্যেষ্ঠ সাংবাদিক, লেখক মৃণাল তালুকদাৰে। নিদিষ্ট বক্তাৰ ভাষণত তালুকদাৰে কয়- আমাৰ ৰাজ্যখনত স্বাধীনতাৰ পিছততো বহু ঘটনা পৰিঘটনা সংঘটিত হৈছে, কিন্তু আমি একো নকৰিলোঁ। বিশেষ একো কিতাপ সৃষ্টি নহ'ল।
/asomiyapratidin/media/media_files/2025/03/07/u9lqjXZ6TMk2VA3fdDNf.jpg)
লগতে ৰজা ধৰ্মনাৰায়নৰ বিষয়ে জানিবলৈও একো বিশেষ তথ্য নাই। প্ৰযুক্তি বিদ্যাৰ জৰিয়তে ৰজা ধৰ্মনাৰায়নৰ বিষয়ে তথ্য আমি ডিজিটেলাইজ কৰিব পাৰোঁ বুলি উল্লেখ কৰি এই ক্ষেত্ৰত সকলোৰে সহযোগিতা কামনা কৰে জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে।
উল্লেখযোগ্য যে মুকলি সভাত অসম চিকিৎসা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিভাগীয় মুৰব্বী অধ্যাপক ডা০ টংকেশ্বৰ ভূঞাই স্মৃতিগ্ৰন্থ 'ধৰ্মনাৰায়ন' উন্মোচন কৰে। সভাত কোচ ৰাজবংশী উন্নয়ন পৰিষদ অধ্যক্ষ প্ৰনৱ নাৰায়ণ দেৱ, মঙলদৈৰ পৌৰপতি নির্মালী দেৱী শৰ্মাৰ লগতে শতাধিক গন্য মান্য লোক উপস্থিত থাকে।