এক্সন মুডত উপায়ুক্ত কীৰ্তি জলীঃ বকোত নিশা মদ্যপায়ী চালকক বিহিলে জৰিমনা...

এক্সন মুডত উপায়ুক্ত কীৰ্তি জলীঃ বকোত নিশা মদ্যপায়ী চালকক বিহিলে জৰিমনা...
এক্সন মুডত উপায়ুক্ত কীৰ্তি জলীঃ বকোত নিশা মদ্যপায়ী চালকক বিহিলে জৰিমনা...

ডিজিটেল সংবাদ ছমৰীয়াঃ হঠাৎ বকোৰ ৰাজপথত যান-বাহন আইন উলংঘনকাৰীৰ বিৰূদ্ধে অভিযানত নামিল কামৰূপ জিলাৰ উপায়ুক্ত কীৰ্তি জল্লী আৰু কামৰূপৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়।

বকো আৰক্ষীয়ে যান-বাহনৰ নথি-পত্ৰ নিৰীক্ষণ কৰি যান-বাহন আইন উলংঘনকাৰীক জৰিমনা বিহি থকাৰ সময়ত হঠাতে বকোত আহি উপস্থিত হয় কামৰূপৰ উপায়ুক্ত কীৰ্তি জল্লী। ইয়াৰ পিছত নিজেই যান-বাহনৰ নথি-পত্ৰ নিৰীক্ষণ কৰাৰ লগতে মদ্যপায়ী চালকক জৰিমনা বিহিলে উপায়ুক্তগৰাকীয়ে।

নৱবৰ্ষ, খ্ৰীষ্টমাছ উদযাপনৰ সময়ত সজাগ হ'বলৈ ৰাইজক আহ্বান জনাই উপায়ুক্ত কীৰ্তি জল্লী আৰু আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়ে। উপায়ুক্তগৰাকীয়ে বনভোজৰ নামত মদ্যপান কৰি বাহন নচলাবলৈ ৰাইজক আহ্বান জনাই।

প্ৰাপ্ত তথ্য মতে মেঘালয়ৰ নংষ্টেইনৰ পৰা উভটাৰ পথত উপায়ুক্তগৰাকীয়ে বকোত চলাই এই অভিযান। এই অভিযানত বৃহস্পতিবাৰৰ দিনটোত যান-বাহন আইন ভংগকাৰীৰ পৰা সৰ্বমুঠ ৬৮,০০০ টকা সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in