/asomiyapratidin/media/media_files/2025/06/12/G9owWHZUw9GB69So8MIw.jpg)
ডিজিটেল ডেস্কঃ ৰাজা ৰঘূবংশীৰ হত্যাকাণ্ডক লৈ পত্নী সোণম আৰু আন চাৰি অভিযুক্তক ৮দিনৰ জিম্মাত লৈ তদন্ত আৰম্ভ কৰিছে মেঘালয় আৰক্ষীয়ে। এই তদন্তৰ প্ৰাৰম্ভিক পৰ্যায়তে পোহৰলৈ আহিছে সোণম আৰু পৰকীয়া প্ৰেমিক ৰাজৰ ক'লা অধ্যায়।
আৰক্ষীৰ সন্মুখত অভিযুক্ত সোণমে দিয়া ভাষ্য অনুসৰি, ৰাজা ৰঘূবংশী আৰু সোণমৰ বিয়াৰ চিঠি ছপোৱাৰ দিনটোতো ৰাজৰ সৈতে আছিল সোণম। ৰাজাই বাৰে বাৰে বিয়াৰ কাৰ্ড পছন্দ কৰিবলৈ সোণমক ফোন কৰি মাতিছিল যদিও সোণমে ভিন্ন ব্যস্ততা দেখুৱাই যোৱা নাছিল। তাৰ পৰিৱৰ্তে ৰাজ কুশ্বৱাহাৰ লগতে সেই দিনটো পাৰ কৰিছিল সোণমে।
আনফালে বৃহস্পতিবাৰৰ দিনটোত ৫গৰাকী অভিযুক্ত একেলগে বহুৱাই জেৰা চলাব এছ আই টিয়ে। পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি আজিও ঘটনাস্থলীলৈ অভিযুক্তক লৈ যোৱাৰ সম্ভৱনা খুবেই ক্ষীণ। উল্লেখ কৰা প্ৰয়োজন যে, ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে সোণম-ৰাজৰ ছেলফিৰ লগতে ৰাজা আৰু সোণমৰ বিয়াৰ চিঠিখন।
/asomiyapratidin/media/media_files/2025/06/12/kNe9CzBf9jeIMJbsKpKn.jpg)