অনাবৃষ্টিৰ কবলত অসম...

অনাবৃষ্টিৰ কবলত অসম...

Published on

এফালে অস্বাভাৱিকভাৱে উষ্ণতা বৃদ্ধি আনফালে অভাৱনীয় হাৰত হ্ৰাস পাইছে বৰষুণ। ৰাজ্যত জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ছবিয়ে জৈৱ-বৈচিত্ৰ্যত উত্তৰ-পূৰ্বাঞ্চল তথা অসমৰ জনজীৱনলৈ অশনি সংকেত কঢ়িয়াই আনিছে। উত্তৰ-পূব ভাৰতত স্বাভাৱিকতকৈ হ্ৰাস পাইছে ১৪ শতাংশ বৰষুণ। ফলত অনাগত ভৱিষ্যতত বৰষুণ জাক হৈ পৰিব নেকি সপোন? চয়নিকা শইকীয়াৰ এক প্ৰতিবেদন...

গোলকীয় উত্তাপৰ বাবে পৃথিৱীৰ জলবায়ুৰ ব্যাপক পৰিৱৰ্তন হৈছে। ফলত সকলো ধৰণৰ নেতিবাচক প্ৰভাৱৰ বোজা পৰিৱেশে বহন কৰিব লাগে। জলবায়ু পৰিৱৰ্তন আৰু প্ৰকৃতিৰ অস্বাভাৱিক ৰূপৰ ফল ভূগিছে পৃথিৱীবাসীয়ে। অভাৱনীয় হাৰত হ্ৰাস পাইছে বৰষুণ। ফলস্বৰূপে হ্ৰাস পাইছে নদীৰ পানীৰ স্তৰ।

দৰাচলতে, সমগ্ৰ ৰাজ্যত প্ৰতি বছৰে গড়ে ১৫০০–২০০০ মিলিমিটাৰ বৰষুণ হয়। বৰষুণৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰি বছৰটোক ৪টা ঋতুত ভাগ কৰা হয়। জুন মাহৰ পৰা ছেপ্তেম্বৰ মাহলৈকে বৰ্ষাকালত অসমত মৌচুমী বতাহৰ প্ৰভাৱত প্ৰচুৰ বৰষুণ হোৱা পৰিলক্ষিত হয় যদিও বৰ্তমান সেই অনুপাত হ্ৰাস পোৱা দেখা গৈছে।

ইফালে বৰষুণৰ পৰিমাণ হ্ৰাস পোৱাৰ লগে লগে উৎকট গৰমৰ গৰাহত জ্বলাকলা খাইছে ৰাজ্যবাসীয়ে। বতৰৰ এই অস্বাভাৱিক পৰিৱৰ্তনে ৰাজ্যবাসীলৈ অশনি সংকেত কঢ়িয়াই আনিছে ৷ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আগন্তুক কেইদিনমানলৈ ৰাজস্থান, হাৰিয়ানা,পঞ্জাৱ,জম্মু-কাশ্মীৰ, লাডাখ আৰু হিমাচল প্ৰদেশৰ কিছুমান অঞ্চল প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছে।

আই এম ডি ৰ তথ্য অনুসৰি, চলিত সপ্তাহত উত্তৰ-পূবত বৰষুণৰ সম্ভাৱনা প্ৰকট। বিশেষকৈ অৰুণাচল প্ৰদেশ,অসম আৰু মেঘালয়ৰ লগতে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, উপ-হিমালয়, পশ্চিমবংগ আৰু ছিকিমটো বৰষুণ হোৱাৰ সম্ভাৱনা থকা বুলি উল্লেখ কৰিছে।

ইফালে ৩০ ছেপ্টেম্বৰৰ পৰা ৪ অক্টোবৰলৈ নাগালেণ্ড,মণিপুৰ,মিজোৰাম আৰু ত্ৰিপুৰাত প্ৰবল বৃষ্টিপাতৰ লগতে ২৭ ছে.মি.পৰ্যন্ত বৰষুণৰ অহাৰ সতৰ্কবাণী জাৰি কৰিছে।

তথ্য অনুসৰি, এই পৰ্যন্ত ভাৰতত চলিত বৰ্ষত ৯৩৪.৮ মিলিমিটাৰ বৰষুণ হৈ ইতিমধ্যে বাৰিষাৰ আজি সমাপ্তি হৈছে। সেই অনুসৰি বৰষুণৰ হাৰ দীৰ্ঘকালীন গড়ৰ ১০৮ শতাংশ আৰু ২০২০ চনৰ পিছত সৰ্বাধিক। মধ্য ভাৰতত গড় হিচাপত দক্ষিণ উপদ্বীপত স্বাভাৱিকতকৈ ১৪ শতাংশ অধিক আৰু উত্তৰ-পশ্চিম ভাৰতত স্বাভাৱিকতকৈ ৭ শতাংশ অধিক।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, পূব আৰু উত্তৰ-পূব ভাৰতত স্বাভাৱিকতকৈ ১৪ শতাংশ কম বৰষুণ হৈছে। দেশত জুন মাহত ১১ শতাংশ বৰষুণ হ্ৰাস পোৱাৰ বিপৰীতে জুলাই মাহত ৯ শতাংশ, আগষ্ট মাহত ১৫.৭ শতাংশ আৰু ছেপ্টেম্বৰ মাহত ১০.৬ শতাংশ বৰষুণ হ্ৰাস পাইছে ৷

প্ৰাপ্ত তথ্য অনুসৰি, ২০২৩ চনৰ বাৰিষাত ভাৰতত ৮২০ মিলিমিটাৰ বৰষুণ হোৱা পৰিলক্ষিত হৈছিল, যিটো দীৰ্ঘকালীন গড় ৮৬৮.৬ মিলিমিটাৰ বৰষুণৰ ৯৪.৪ শতাংশ। ২০২২ চনত দেশখনত ৯২৫ মিলিমিটাৰ বৰষুণ হৈছিল, যিটো দীৰ্ঘকালীন গড়ৰ ১০৬ শতাংশ; ২০২১ চনত ৮৭০ মিলিমিটাৰ; আৰু ২০২০ চনত ৯৫৮ মিলিমিটাৰ।

আই এম ডিয়ে চলিত বৰ্ষৰ বাৰিষাৰ বাবে স্বাভাৱিকতকৈ অধিক বৰষুণ (দীৰ্ঘকালীন গড়ৰ ১০৬ শতাংশ) হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছিল। কিন্তু উত্তক-পূবত বৰষুণৰ পৰিমাণ হ্ৰাস পোৱা ফলত ইতিমধ্যে শুকাই গৈছে ব্ৰহ্মপুত্ৰৰ উপনৈ সমূহ। খৰালীৰ পূৰ্বে সোৱণশিৰি, জীয়াভৰালী নৈত চৰ পৰা পৰিলক্ষিত হৈছে। ক্ৰমাৎ শুকাই গৈছে ব্ৰহ্মপুত্ৰৰ অন্য উপনৈ সমূহ, যেনে- ধনশিৰি,ধনশ্ৰী, কপিলী,পাগলাদিয়া,আই, বেঁকী নদী ইত্যাদি।

জলবায়ু পৰিৱৰ্তনৰ লগতে পানীৰ পৰিমাণ কমি যোৱা ফলত ৰাজ্যৰ কৃষি খণ্ডত নেতিবাচক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। উল্লেখ্য যে, অসমৰ খেতিয়কসকল সম্পূৰ্ণভাৱে বৰষুণৰ ওপৰত নিৰ্ভৰশীল। সেয়ে বৰষুণৰ পৰিমাণ কমি গ’লে কৃষিক্ষেত্ৰত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়।

বৰষুণৰ পানীৰ অভাৱত কৃষক ৰাইজৰ ধানখেতি, মৰাপাট খেতিৰ লগতে বিভিন্ন ৰবি শস্যৰ খেতি তথা শাক পাচলিৰ খেতিসমূহ শুকাই যাব ধৰে। খেতিকে জীৱন জীৱিকাৰ উৎস হিচাপে বাছি লোৱা এইসকল কৃষকসকলে অৱশেষত মূৰে কপালে হাত দিবলগীয়া অৱস্থা হয়।

উল্লেখযোগ্য যে, ভূটানৰ কুৰিশ্ব জলবিদ্যুৎ প্ৰকল্প,৭৫ মেগাৱটৰ দৈয়াং আৰু ৪০৫ মেগাৱটৰ ৰঙা নদী প্ৰকল্পৰ পৰা এৰি দিয়া পানীয়ে উজনি নামনিত পানীৰ অভাৱ কিছু পূৰ কৰি আহিছে যদিও সেয়াই যথেষ্ট নহয়। পানীৰ অভাৱে অনাগত দিনলৈ আনিছে অশনি সংকেত।

X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in