/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/2a935350-bf4b-49b2-b4c7-1dca2bbb2a22/paba1.jpg)
চিলাপথাৰ মহাবিদ্যালয়ৰ একাংশ ছাত্ৰ-ছাত্ৰী
ডিজিটেল সংবাদ, জোনাইঃ চিলাপথাৰ মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ উদ্যোগত আৰু অগ্ৰণী পৰিৱেশ সংৰক্ষণকাৰী গোষ্ঠী ছেভ পবা ৰেইন ফৰেষ্টৰ সহযোগত বুধবাৰে বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলত অৰ্ধ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে জংগল ট্ৰেকিং কৰি পৰিৱেশ অধ্যয়ন কৰে।
চিৰতৰুণ চিয়াং নদীৰ পাৰত অৱস্থিত নৈসৰ্গিক সৌন্দৰ্যৰে ভৰা তথা জীৱ-বৈচিত্ৰ্যৰ ভঁৰাল বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলৰ তিনি মাইল বীটৰ পৰা আজি পুৱা প্ৰায় ৯ বজাৰ পৰা চিলাপথাৰ মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ অৰ্ধ শতাধিক ছাত্ৰ-ছাত্ৰী আৰু প্ৰকৃতিকৰ্মীসকলে জংগল ট্ৰেকিং আৰম্ভ কৰে।
চিলাপথাৰ মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ অধ্যাপক মানস প্ৰতিম দত্ত, সহকাৰী অধ্যাপিকা ড০ মেৰিনা নৰহ, সহকাৰী অধ্যাপক চাই মৌন কেন, ছেভ পবা ৰেইন ফৰেষ্টৰ সভাপতি ৰয়েল পেগু, সদস্য ভৃগু য়েইন, অমিত কুম্বাং আদিৰ নেতৃত্বত আৰু তিনি মাইল বন খণ্ড কাৰ্যালয়ৰ বনকৰ্মী সহযোগত তিনি মাইল বীটৰ পৰা আৰম্ভ কৰি পাঁচ মাইল হৈ বৰ্ষাৰণ্য পবা বনাঞ্চলৰ আভ্যন্তৰত প্ৰৱেশ কৰি প্ৰায় ১০ কিলোমিটাৰ জংগল ট্ৰেকিং কৰি পৰিৱেশ অধ্যয়ন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/f6c8ed44-40a8-4de3-9e73-efbcb43d31cf/poba.jpg)
তদুপৰি এই জংগল ট্ৰেকিঙৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলক ছেভ পবা ৰেইন ফৰেষ্টৰ পৰিৱেশকৰ্মী সকলে বিভিন্ন প্ৰজাতিৰ গছ-গছনি, বন্যপ্ৰাণী, পখিলা আদি পৰিচয় কৰাই দিয়াৰ লগতে বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলত জীৱ-বৈচিত্ৰ্য সংৰক্ষণ সন্দৰ্ভত আলোচনা কৰে। দলটো বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলৰ আভ্যন্তৰত চক্ৰকাৰে থিয় হৈ জংগল ট্ৰেকিঙৰ অভিজ্ঞতাৰ ওপৰত মত বিনিময় কৰাৰ লগতে ২ মিনিট নীৰৱতা অৱলম্বন কৰি নিৰ্বাক প্ৰকৃতি আৰু বন্যপ্ৰাণী, চৰাই-চিৰিকটিৰ প্ৰতি শ্ৰদ্ধাশীল হোৱাৰ সংকল্প গ্ৰহণ কৰে।
অন্যহাতে ছেভ পবা ৰেইন ফৰেষ্টৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীসকলে গছক সাবটি ধৰি বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চল আৰু অৰণ্য সংৰক্ষণৰ অংগীকাৰ গ্ৰহণ কৰে। উল্লেখযোগ্য যে, ১০,২২১ হেক্টৰ বনভূমি আগুৰি থকা তথা ১৯২৪ চনত ব্ৰিটিছৰ দিনতে সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা ধেমাজি জিলাৰ সীমান্তৱৰ্তী জোনাই মহকুমাৰ বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলৰ সমৃদ্ধিশালী জীৱ-বৈচিত্ৰ্য আৰু চিয়াং নদীৰ নৈসৰ্গিক দৃশ্য প্ৰত্যক্ষ কৰি ছাত্ৰ-ছাত্ৰীসকল অভিভূত হৈ পৰে।