/asomiyapratidin/media/media_files/2025/06/26/gfgdfgdr-2025-06-26-23-58-21.jpg)
ডিজিটেল ডেস্কঃ নেৰানেপেৰা বৰষুণৰ ফলত লামডিং-শিলচৰ ৰে'লৱে পথৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথত ভূমিস্খলনৰ ফলত সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে বৰাক-ব্ৰহ্মপুত্ৰ উপত্যকাৰ যোগাযোগ ৷ ইতিমধ্যে যুদ্ধ সদৃশ পৰিস্থিতিৰে ৰে'লপথ মুকলিৰ বাবে ৰে'ল বিভাগৰ তৰফৰ পৰা কামত নিয়োজিত হোৱা পৰিলক্ষিত হৈছে ৷
লামডিং মণ্ডলৰ প্ৰৱন্ধক সমীৰ লোহানি ঘটনাস্থলীত প্ৰথমৰ পৰাই ডিমাহাচাও জিলাৰ জাতিংগা লুম্পোত বাহৰ পাতি ৰে'লপথ মুকলিৰ বাবে যুঁজ দিয়াৰ বিপৰিতে বৃহস্পতিবাৰে ঘটনাস্থলিত উপস্থিত হয় উত্তৰ পূৱ সীমান্ত ৰে'লৱেৰ মহা প্ৰৱন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱ ৷ মহাপ্ৰৱন্ধক গৰাকী ঘটনাস্থলীত উপস্থিত হৈ সম্পূৰ্ণ ঘটনাৰ বুজ লোৱাৰ লগতে দেওবাৰৰ ভিতৰত প্ৰকৃতিৰ আৰু যদি কোনো বিপৰ্যয় নহয় তেনে ৰে'লপথ মুকলি কৰাৰ কথা সদৰি কৰে ৷
ইতিমধ্যে ৰে'লৱে তথা অন্যান্য প্ৰায় ২০০ শ্ৰমিকে ঘটনাস্থলীত যুদ্ধগতিৰে ৰে'লপথ মুকলি কৰিবৰ বাবে কাম কৰি আছে ৷ ৰে'লৱেৰ মহাপ্ৰৱন্ধক সহিতে একাশং উচ্চপদস্থ বিষয়াই ভূমিস্খলনস্থলিত বাহৰ পাতি যিমান সোনকালে পাৰি সোণকালে ৰে'লপথ মুকলিৰ বাবে প্ৰচেষ্টা চলাই থকা পৰিলক্ষিত হৈছে ৷