/asomiyapratidin/media/media_files/2024/12/19/WLagFXW8qNk8GU1Mzzs4.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাটঃ চতিয়াৰ বালিজুৰিৰ খেৰবাৰি ইন্দিৰা গান্ধী আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ত খেৰবাৰী মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত বৃহস্পতিবাৰে ৰাইজৰ উৎসৱ পালন কৰা হয়। ৰাইজৰ উৎসৱ অনুষ্ঠানটিত ইন্দিৰা গান্ধী আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ৰ লগতে কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে পুৱাই এক বিশাল সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰে ।
তাৰ পাছতে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত চকী খেল, ভেশচন , নৃত্য গীত আদিৰ প্ৰতিযোগীতা অনুষ্ঠিত হয়৷ ইয়াৰ লগতে মণ্ডল পৰ্যায়ৰ শিক্ষণ শিকন সজুঁলিৰ প্ৰদৰ্শনীও অনুষ্ঠিত কৰা হয়। বিদ্যালয় খনৰ শিক্ষক মহেন্দ্ৰ হাজৰিকাই আঁত ধৰা অনুষ্ঠানটিত সভাপতিৰ আসন অলংকৃত কৰে প্ৰাক্তন শিক্ষক নাৰায়ণ শৰ্মাই।
অনুষ্ঠানটিত অংশগ্ৰহণ কৰে খেৰবাৰী মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক চোহেল আনচাৰি, প্ৰাক্তন প্ৰধান শিক্ষক টংকেশ্বৰ কুৰ্মী, শিল্পী নিলমণী সলাল, চেঙামাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক ৰিপুঞ্জ বৰদলৈ, ইন্দিৰা গান্ধী আৰ্দশ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক চন্দ্ৰ আমগাইক ধৰি বহুকেইগৰাকী গণ্যমাণ্য ব্যক্তিয়ে । প্ৰতিযোগিতাৰ বিচাৰকৰ দ্বায়িত্ব পালন কৰে সাংস্কৃতিক কৰ্ম্মী দূৰ্ল্লভ হাজৰিকা আৰু প্ৰকাশ নাথে। প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী ছাত্ৰ-ছাত্ৰী সকলৰ মাজত শ্ৰেষ্ঠতাৰ ভিত্তিত পুৰস্কাৰ বিতৰণ কৰা হয়৷