টেঙাখাত শিক্ষাখণ্ডৰ অধীনৰ কপহুৱা প্ৰাথমিক বিদ্যালয়ত ৰাইজৰ উৎসৱ...

ডিব্ৰুগড় জিলা সমগ্ৰ শিক্ষাৰ সৌজন্যত টেঙাখাত শিক্ষা খণ্ডৰ অধীনৰ ১৯০১ চনত স্থাপিত কপহুৱা প্ৰাথমিক বিদ্যালয়ৰ উদ্যোগত আৰু টেঙাখাত মণ্ডল সমল কেন্দ্ৰৰ বিদ্যালয় সমূহৰ সহযোগত কপহুৱা প্ৰাথমিক বিদ্যালয়ত উদযাপন কৰা হয় ৰাইজৰ উৎসৱ ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,টেঙাখাতঃডিব্ৰুগড় জিলা সমগ্ৰ শিক্ষাৰ সৌজন্যত টেঙাখাত শিক্ষা খণ্ডৰ অধীনৰ ১৯০১ চনত স্থাপিত কপহুৱা প্ৰাথমিক বিদ্যালয়ৰ উদ্যোগত আৰু টেঙাখাত মণ্ডল সমল কেন্দ্ৰৰ বিদ্যালয় সমূহৰ সহযোগত কপহুৱা প্ৰাথমিক বিদ্যালয়ত উদযাপন কৰা হয় ৰাইজৰ উৎসৱ ।

১৮ ডিচেম্বৰত এদিনীয়া কাৰ্যসূচীৰে "ৰাইজৰ উৎসৱ ২০২৪-২৫" অনুষ্ঠিত কৰা হয় । এই উপলক্ষে শিখাৰাণী বৰশইকীয়াক সভানেত্ৰী, লম্বোদৰ গগৈক কাৰ্যকৰী সভাপতি, ভানু গগৈ আৰু আভামনি সোনোৱাৰক যুটীয়া সম্পাদিকা তথা বিভিন্ন বিভাগত শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক-অভিভাৱিকা সকলক অন্তৰ্ভুক্ত কৰি গঠিতউদযাপন সমিতিৰ তৎপৰতাত উক্ত অনুষ্ঠানৰ দিনজোৰা কাৰ্যসূচীৰে সফল পৰিসমাপ্তি ঘটে ।

0

কাৰ্যসূচী মৰ্মে টেঙাখাত মণ্ডল সমল কেন্দ্ৰৰ বিদ্যালয় সমূহৰ শিক্ষক-শিক্ষয়িত্ৰী তথাছাত্ৰ-ছাত্ৰী, প্ৰতিনিধি আৰু কপহুৱা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী, অভিভাৱক-অভিভাৱিকা তথা সচেতন ৰাইজৰ উপস্থিতিত পুৱা বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ন কৰে টেঙাখাত শিক্ষাখণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া হীৰা দলে ।

লগে লগে সাংস্কৃতিক শোভাযাত্ৰা কাৰ্যসূচী উদ্বোধন কৰে সাংবাদিক তথা সমাজকৰ্মী জয়ন্ত শইকীয়াই । উক্ত শোভাযাত্ৰা কাৰ্যসূচীত শিক্ষাখণ্ড বিষয়া গৰাকীৰ লগতেছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক-অভিভাৱিকা সমন্বিতে সকলোৰে অংশ গ্ৰহণৰে বিদ্যালয়খনৰ পৰা আৰম্ভ কৰি গীত-নৃত্য পৰিবেশনেৰে গাঁওখনৰ ৰাজপথেদি প্ৰায় ডেৰ কিলোমিটাৰ শোভাযাত্ৰা কৰি পুনৰ বিদ্যালয়ত পদাৰ্পন কৰা পৰিলক্ষিত হয় ।

ৰাইজৰ উৎসৱ