Advertisment

কচুৱাত বৰ্নাঢ্য কাৰ্যসূচীৰে ৰাইজৰ উৎসৱ উদযাপন

নগাঁও জিলাৰ কঠিয়াতলী শিক্ষা খণ্ডৰ অন্তৰ্গত গেৰজাইপাম সমল কেন্দ্ৰৰ সৌজন্যত দিনযোৰা বৰ্নাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় ৰাইজৰ উৎসৱ । গেৰজাইপাম কালিবাৰী খেলপথাৰত উলহ মালহৰে ৰাইজৰ উৎসৱ উদযাপন কৰা হয় ।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,কামপুৰঃ নগাঁও জিলাৰ কঠিয়াতলী শিক্ষা খণ্ডৰ অন্তৰ্গত গেৰজাইপাম সমল কেন্দ্ৰৰ সৌজন্যত দিনযোৰা বৰ্নাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় ৰাইজৰ উৎসৱ । গেৰজাইপাম কালিবাৰী খেলপথাৰত উলহ মালহৰে ৰাইজৰ উৎসৱ উদযাপন কৰা হয় ।

Advertisment

পুৱা পতাকা উত্তোলনৰ পিছতে বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে চমক সৃষ্টি কৰি ছাত্র-ছাত্ৰী সকলৰ বিভিন্ন প্ৰতিভা প্ৰদৰ্শনৰ অনুষ্ঠান আনুষ্ঠিত হয়। এই উৎসৱত গেৰজাইপাম সমল কেন্দ্ৰৰ ১৩খনকৈ বিদ্যালয়ৰ প্ৰায় শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

সমগ্ৰ শিক্ষা অসমৰ নিৰ্দেশনাত অনুষ্ঠিত হোৱা ৰাইজৰ উৎসৱে ছাত্ৰ-ছাত্ৰী সকলৰ শৈক্ষিক উৎকৰ্ষ সাধন কৰাৰ লগতে ব্যক্তিত্ব বিকাশত সহায় কৰে ।ছাত্ৰ-ছাত্ৰীৰ লগতে এই কাৰ্যসূচীত উপস্থিত আছিল স্থানীয় ৰাইজ ।

কামপুৰ ৰাইজৰ উৎসৱ