/asomiyapratidin/media/media_files/2025/12/18/web-2-2-2025-12-18-21-53-59.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী : হঠাৎ জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গক আক্ৰমণৰ লক্ষ্য কৰিলে ৰাইজৰ দলে। হাৰ্টথ্ৰ'ৱ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ ছাৰ্জশ্বীট দাখিল হোৱাৰ পিছতেই অসমত নতুন ৰাজনৈতিক বিতৰ্কৰ সূচনা হৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/18/whatsapp-image-20-2025-12-18-21-32-29.jpeg)
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈয়ে সামাজিক মাধ্যমত “চাৰ্জশ্বীট ফালি পেলাই দিম” বুলি কৰা মন্তব্যই সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। একাংশৰ মতে, এই মন্তব্য অখিল গগৈয়ে অভিযুক্ত শ্যামকানু মহন্তক ৰক্ষা কৰিব বিচাৰিছে বুলি অভিযোগ তোলাৰ লগতে আন একাংশই চাৰ্জশ্বীট নপঢ়াকৈহে মন্তব্য কৰা হৈছে বুলি কটাক্ষ কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/18/whatsap-2025-12-18-21-32-46.jpeg)
এই ঘটনাৰ মাজতে হঠাৎ ৰাইজৰ দলৰ একাংশ কৰ্মীয়ে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গক আক্ৰমণৰ লক্ষ্য কৰি লয়। সামাজিক মাধ্যমত অভিযোগ, গৰিমা শইকীয়া গাৰ্গে আগন্তুক সময়ত বিজেপিৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰে। ইয়াৰ লগতে চাৰ্জশ্বীটত গৰিমা শইকীয়া গাৰ্গ, তাৰচেম মিট্টল আৰু শ্যামন্তক গৌতমৰ নাম নথকাৰ বিষয়টো উত্থাপন কৰি প্ৰশ্ন তোলে ৰাইজৰ দলৰ কৰ্মীসকলে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/18/whatsapp-image-20-2025-12-18-21-33-05.jpeg)
বিতৰ্ক ইয়াতেই শেষ নহয়। সামাজিক মাধ্যমত ৰাইজৰ দলৰ একাংশ কৰ্মীয়ে অভিযোগ - ‘জাষ্টিছ ফৰ জুবিন’ আছিল চিনেমা ‘ৰৈ ৰৈ বিনালে’ৰ ব্যৱসায়িক প্ৰচাৰৰ কৌশল। চিনেমাখনৰ উপাৰ্জন আশানুৰূপ হোৱাৰ পাছত প্ৰযোজক গোষ্ঠীয়ে চৰকাৰৰ পক্ষ ল’বলৈ আৰম্ভ কৰিছে বুলিও মন্তব্য কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/18/whatsapp-image-2-2025-12-18-21-33-26.jpeg)
এই সকলো বিৰূপ আৰু অপমানজনক মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰিছে বহু প্ৰকৃত জুবিন অনুৰাগীয়ে। সামাজিক মাধ্যমত তেওঁলোকে ৰাইজৰ দলৰ কৰ্মীসকলক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় - জুবিন গাৰ্গ কোনো ৰাজনৈতিক এজেণ্ডাৰ সামগ্ৰী নহয় আৰু ন্যায়ৰ দাবীক ৰাজনীতিৰে কলংকিত কৰা নচলিব।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/18/whatsapp-image-20-2025-12-18-21-33-42.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us