পলিটেকনিক প্ৰবক্তাৰ চাকৰি নিয়মীয়াকৰণৰ বিপৰীতে বৰ্খাস্ত কৰি চৰকাৰে হিটলাৰকো চেৰ পেলালে: ৰাইজৰ দল

এতিয়া কেইবাবছৰো পিছত চাকৰিৰ নিয়মীয়াকৰণৰ পৰিবৰ্তে বৰ্খাস্ত কৰি প্ৰবক্তা সকলক অথাই সাগৰত পেলাব খোজা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিছে ৰাইজৰ দলে।

author-image
Asomiya Pratidin
New Update
bvcbbvc

ডিজিটেল সংবাদ,গুৱাহাটী :   বিজেপি চৰকাৰৰ ৰোষত পৰি পলিটেকনিকৰ ১৪৭গৰাকী প্ৰবক্তাই চাকৰি হেৰুৱাবলগীয়া ঘটনাত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে ৰাইজৰ দলে ৷ আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, কাৰ্যকৰী সভাপতি ভাস্ক ডি শইকীয়া আৰু কৱীন্দ্ৰ চেতিয়া ফুকনে কয়, সদৌ অসম পলিটেকনিক প্ৰতিষ্ঠাপক প্ৰবক্তা সংস্থাই তেখেতসকলৰ চাকৰি নিয়মীয়াকৰণৰ ন্যায্যৰ দাবীত কৰা গণতান্ত্ৰিক প্ৰতিবাদত ক্ষুব্ধ হৈয়ে চৰম প্ৰতিশোধ পৰায়ণতাৰে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে প্ৰবক্তা সকলক চাকৰিৰ পৰা বৰ্খাস্ত কৰা কাৰ্যই হিটলাৰৰ শাসনকো চেৰ পেলালে।

Advertisment

এইয়া স্বেচ্ছাচাৰীতাৰ চৰম নিৰ্দশন। অভিযোগমতে এই উচ্চ শিক্ষিত মেধাৱী যুৱক-যুৱতী সকলৰ শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ সমূহ নিযুক্তিৰ সময়তে তেওঁলোকৰ পৰা শিক্ষা বিভাগে জমা লৈ লৈছিল, যাতে তেওঁলোকে অন্য চাকৰিত যোগদান কৰিব নোৱাৰে।

এতিয়া কেইবাবছৰো পিছত চাকৰিৰ নিয়মীয়াকৰণৰ পৰিবৰ্তে বৰ্খাস্ত কৰি প্ৰবক্তা সকলক অথাই সাগৰত পেলাব খোজা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিছে ৰাইজৰ দলে। যি সময়ত চৰকাৰখনে চাৰিওফালে এক লাখ নিযুক্তিৰ নামত ফটাঢোলহে কোবাই আছে, সেই সময়তে এই উচ্চ শিক্ষিত মেধাৱী কৰ্মৰত প্ৰবক্তা সকলক ৰাতিটোৰ ভিতৰতে নিবনুৱালৈ পৰিবৰ্তন কৰা হৈছে। 

উল্লেখ্য আজি বিধান সভাতো ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰি কয় যে প্ৰবক্তা সকলক বৰ্খাস্ত কৰি চৰকাৰখনে অসমৰ ১১ খন পলিটেকনিক ইনষ্টিটিউটতো অচল কৰি তুলিব বিচাৰিছে, যাৰ ফলত ছাত্ৰ ছাত্ৰী সকলে হয়তো মূল্যৱান শিক্ষাবৰ্ষও হেৰুৱাবলগীয়া হ'ব পাৰে। 

সেয়েহে ৰাইজৰ দলে অনতিপলমে এনে হঠকাৰী সিদ্ধান্ত বাতিল কৰি চৰকাৰক প্ৰবক্তা সকলক চাকৰি ঘূৰাই দিয়াৰ লগতে  নিয়মীয়াকৰণ কৰাৰ দাবী জনায়।

ৰাইজৰ দল