অপপ্ৰচাৰ বন্ধ কৰকঃ কংগ্ৰেছৰে মিত্ৰতা সন্দৰ্ভত ৰাইজৰ দলৰ নেতাৰ মন্তব্য

ৰাইজৰ দলৰ কেন্দ্ৰীয় সাধাৰন সম্পাদক গিৰিশংকৰ গোস্বামীয়ে কয় যে ৰাইজৰ দলৰ লগত মিত্ৰতা বিচাৰিলে ৰাইজৰ দলৰ নেতা অখিল গগৈৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱা বন্ধ কৰিব লাগিব কংগ্ৰেছে ।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, কামপুৰঃ কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতা সন্দৰ্ভত মুখ খুলিছে ৰাইজৰ দলৰ শীৰ্ষ নেতাই । ৰাইজৰ দলৰ কেন্দ্ৰীয় সাধাৰন সম্পাদক গিৰিশংকৰ গোস্বামীয়ে কংগ্ৰেছৰ সভাপতি ভূপেন বৰালৈ বিভিন্ন দিশ সন্দৰ্ভত স্পষ্টীকৰণ বিচাৰে।

ৰাইজৰ দলৰ কেন্দ্ৰীয় সাধাৰন সম্পাদক গিৰিশংকৰ গোস্বামীয়ে কয় যে ৰাইজৰ দলৰ লগত মিত্ৰতা বিচাৰিলে ৰাইজৰ দলৰ নেতা অখিল গগৈৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱা বন্ধ কৰিব লাগিব কংগ্ৰেছে ।

অখিল গগৈৰ আঞ্চলিকতাবাদ শক্তিশালী কৰাৰ প্ৰচেষ্টাত কংগ্ৰেছে বাধা দিয়া উচিত নহয় বুলি মন্তব্য কৰে গিৰিশংকৰ গোস্বামীয়ে ।

ভূপেন বৰা ৰাইজৰ দল অখিল গগৈ