/asomiyapratidin/media/media_files/2025/07/02/raijor-dal-2-2025-07-02-15-21-07.jpg)
ডিজিটেল সংবাদ, মঙলদৈঃ ৰাইজৰ দলৰ দৰং জিলা সমতিয়ে বুধবাৰে মঙলদৈ প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰে। সংবাদ মেলত গৰুখুঁটিৰ পৰা উচ্ছেদিত লোকসকলক সংস্থাপনৰ উচিত ব্যৱস্থা নকৰাৰ অভিযোগ উত্থাপন কৰে।
সংবাদ মেলত ৰাইজৰ দলৰ দৰং জিলা সমিতিয়ে অভিযোগ কৰি কয় যে, আটাকাটা চৰত উচ্ছেদিত লোকসকলে হাহাকাৰ কৰি জীয়াই আছে৷ মানুহ জীয়াই থাকিবলৈ প্ৰয়োজন হোৱা সকলো মৌলিক সুবিধাৰ পৰাও বঞ্চিত কৰা হৈছে ইয়াৰ উচ্ছেদিত লোকসকলক।
এই সংক্ৰান্তত দৰং জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান কৰে ৰাইজৰ দলে৷ ৰাইজৰ দলে দাবী কৰে যে, উচ্ছেদিত লোকসকলক চৰকাৰে পূৰ্বে দিয়া প্ৰতিশ্ৰুতি অনুসৰিয়েই এবিঘাকৈ ভূমি প্ৰদান কৰি সেই প্ৰতিশ্ৰুতি পালন কৰক।
আতাকাটা, কাচিচৰ, মাগুৰমাৰী অঞ্চলৰ লোকসকলক সংবিধানৰ অন্তৰ্গত মৌলিক অধিকাৰ অন্তৰ্গত সকলো সুবিধা প্ৰদান কৰি মৰ্যাদা সহকাৰে জীয়াই থাকিবলৈ দিয়াৰো দাবী উত্থাপন কৰে৷
এই সংবাদ মেলতে দলটোৱে আৰু অভিযোগ কৰে যে, উচ্ছেদিত লোকসকলৰ পৰা একাংশ দালালে সংস্থাপনৰ নামত ধন সংগ্ৰহতো লিপ্ত হৈছে। উল্লেখ্য যে, এই সংবাদ মেলত ৰাইজৰ দলৰ দৰং জিলা সমিতিৰ সভাপতি ঘনশ্যাম ৰাজবংশীৰ লগতে জিলাৰ অন্যান্য বিষয়ববিয়াসকল উপস্থিত থাকে।