ধিং সমষ্টিৰ কেইবাখনো নিৰ্বাচনী সভাত অখিল গগৈৰ প্ৰচাৰ...

ধিং বিধানসভা সমষ্টিৰ মৈৰাবাৰী বজাৰ, লহকৰ ঘাট, গায়নগাঁও, জাৰামাৰী,বেছামাৰী, বলিকটীয়াত আজি একে দিনাই ৰাইজৰ দলৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় অখিল গগৈয়ে।

author-image
Tushar Pratim
New Update
ধিং সমষ্টিৰ কেইবাখনো নিৰ্বাচনী সভাত অখিল গগৈৰ প্ৰচাৰ...

ডিজিটেল সংবাদ মৈৰাবাৰী: ধিং বিধানসভা সমষ্টিৰ অন্তৰ্গত কেইবাখনো পঞ্চায়তত আজি নিৰ্বাচনী সভাত প্ৰচাৰ চলায় ৰাইজৰ দলৰ মুৰব্বী অখিল গগৈয়ে। মৈৰাবাৰী বজাৰ, লহকৰ ঘাট, গায়নগাঁও, জাৰামাৰী,বেছামাৰী, বলিকটীয়াত একে দিনাই ৰাইজৰ দলৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় অখিল গগৈয়ে।

Advertisment

প্ৰতিটো নিৰ্বাচনী সভাত বিজেপি,এ আই ইউ ডি এফ আৰু কংগ্ৰেছ দলক ক্ষুৰধাৰ সমালোচনা কৰে অখিল গগৈয়ে। এইবাৰ ৰাইজক বিজেপি চৰকাৰক ব্ৰহ্মপুত্ৰত উটুৱাই দিবলৈ ৰাইজক আহ্বান জনায় অখিল গগৈয়ে।
 
নিৰ্বাচনী সভাত উপস্থিত থকা ৰাইজক কেইবাটাও প্ৰতিশ্ৰুতি প্ৰদান কৰে নেতা গৰাকীয়ে। সেই সমূহৰ ভিতৰত কৃষকক ট্ৰেকৰ প্রদান,গাঁৱে গাঁৱে ক্ষুদ্ৰ ইণ্ডাষ্ট্ৰী স্থাপন কৰি নিবনুৱা সমস্যা সমাধান, মাটিৰ পট্টা প্ৰদান, বহিঃ ৰাষ্ট্ৰৰ অনলাইন ব্যৱসায় বন্ধ কৰি থলুৱা অনলাইন ব্যৱসায় আৰম্ভ কৰা আদি।

অখিল গগৈৰ আজিৰ নিৰ্বাচনী প্ৰচাৰ সভা সমূহত ৰাইজৰ উপস্থিতি আছিল ব্যাপক ৰূপত। আজিৰ নিৰ্বাচনী সভাবোৰত ৰাইজৰ দলৰ নেতা অখিল গগৈক সংগ দিয়ে দলটোৰ কেন্দ্ৰীয় মুখপাত্ৰ মেহবুব মুক্তাৰৰ লগতে স্থানীয় একাধিক নেতা কৰ্মীয়ে। 

ৰাইজৰ দল পঞ্চায়ত নিৰ্বাচন অখিল গগৈ