/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/illegal-smuggling.jpg)
প্ৰতিদিন ডিজিটেল সংৱাদ, ৰূপহীহাট : নগাওঁ জিলাত কিছু দিনৰ পূৰ্বে আৰক্ষীয়ে চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধ কঠোৰ পদক্ষেপ লোৱাৰ ফলত সামৰিভ ভাৰে চোৰাং গৰু চালান বন্ধ হৈছিল যদিও কোনো কোনো স্থানৰ পৰা আৰক্ষীৰ চকুত ধূলি দি ছিণ্ডিকেত বোৰে গৰু সৰবৰাহ কৰি আছিল৷ তেনে সময়তে একাংশ অসৎ লোকে ৰূপহীৰ পৰা মেঘালয়কে ধৰি বাংলাদেশ আদিলৈ গৰু সৰবৰাহ কৰি আছিল৷
ইতিমধ্যে ৰূপহীহাট থানাৰ আৰক্ষীয়ে গোপন সূত্ৰে গম পাই চোৰাং গৰুৰ বিৰুদ্ধ অভিযান অব্যাহত ৰাখিছিল৷ শুক্ৰ বাৰে নিশা ৰূপহীহাট থানাৰ আৰক্ষীয়ে গৰু সৰবৰাহকাৰী চক্ৰটোৱে গৰু সৰবৰাহ কৰিবলৈ সাজু হওতেই আৰক্ষীয়ে জব্দ কৰে ২৮ টা চোৰাং গৰু ধৰা পৰে ৰূপহী গোনাবাৰী গাৱত৷ চতুৰ চক্ৰটোৱে ক্ষন্তেকতে উমান পায় আৰক্ষীয়ে অভিযান চলোৱা বুলি ৷ তৎমুহুৰ্ততে ছিণ্ডিকেটত মালিক ছফিকুল ইছলাম নামে গম পায় চকুৰ পচাৰতে পলায়ন কৰে৷ আৰক্ষীয়ে লোক জনৰ বিৰুদ্ধে অভিযান চলাইছে যদিও জব্দ হোৱা গৰু কেইটা নগাঁৱৰ গৌশাললৈ প্ৰেৰন কৰিছে আৰক্ষীয়৷
আৰু পঢ়ক :অসম অৰুণাচলৰ সীমান্তত অনুষ্ঠিত হয় গুৰুত্বপূৰ্ণ বৈঠক…
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us