/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-07/64xsez7s/AP-FOR-WEB-4-1.jpg)
ডিজিটেল ডেস্কঃ লোকসভাৰ বিৰোধী দলপতি তথা কংগ্ৰেছ নেতা ৰাহুল গান্ধীক আন এক বিপদে লগ দিছে। ৰাহুল গান্ধীৰ ভাৰতীয় নাগৰিকত্ব বিষয়টোক লৈ শেহতীয়াকৈ চি বি আয়ে তদন্ত আৰম্ভ কৰিছে। সুব্ৰমণিয়ম স্বামীৰ এক আবেদনৰ শুনানি গ্ৰহণ কৰি এলাহাবাদ উচ্চ ন্যায়ালয়ে এই তথ্য সদৰি কৰিছে।
উল্লেখ কৰা প্ৰয়োজন যে, ৰাহুল গান্ধীৰ ভাৰতীয় নাগৰিকত্বৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি দুখনকৈ আদালতত ৰাজহুৱা স্বাৰ্থজনিত আবেদন দাখিল কৰিছিল। এই আবেদনত ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ আাহ্বানো কৰা হৈছিল। ইয়াৰ পাছতে এই বিষয়টোক লৈ এলাহাবাদ উচ্চ ন্যায়ালয়ে তদন্তৰ ঘোষণা কৰিছিল। শেহতীয়াকৈ এই তদন্ত আৰম্ভ কৰিছে চি বি আয়ে।
অহা ৬ডিচেম্বৰত এই বিষয়টোক লৈ পুনৰ শুনানি গ্ৰহণ কৰিব আদালতে। উল্লেখ কৰা প্ৰয়োজন যে, ৰাহুল গান্ধীৰ নাগৰিকত্বক লৈ প্ৰশ্ন উত্থাপন কৰি আবেদন দাখিল কৰা এজন আবেদনকাৰী হৈছে সুব্ৰমণিয়ম স্বামী। ২০১৯ৰ ২৯এপ্ৰিলতে জ্যেষ্ঠ নেতাগৰাকীয়ে এই আবেদন দাখিল কৰিছিল আৰু গৃহ মন্ত্ৰালয়লৈও চিঠি লিখিছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us