মহানুভৱতাঃ কাশ্মীৰৰ পিতৃ-মাতৃহাৰা শিশুৰ বাবে ত্ৰাণকৰ্তা ৰূপত ৰাহুল গান্ধী...

জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত অপাৰেচন সিন্দূৰৰ  সময়ত পাকিস্তানৰ গোলাবৰ্ষণত পিতৃ-মাতৃ অথবা অভিভাৱকক হেৰুওৱা ২২ টি কণমানি শিশুৰ শিক্ষাৰ দায়িত্ব ল’লে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। এই কথা সোমবাৰে

New Update
935bccf1-fb5b-4832-9f57-ed3e62c34be0

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত অপাৰেচন সিন্দূৰৰ  সময়ত পাকিস্তানৰ গোলাবৰ্ষণত পিতৃ-মাতৃ অথবা অভিভাৱকক হেৰুওৱা ২২ টি কণমানি শিশুৰ শিক্ষাৰ দায়িত্ব ল’লে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। এই কথা সোমবাৰে ৰাজৌৰীত সাংবাদিকৰ আগত প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তাৰিক হামিদ কাৰাই।

Advertisment

তাৰিক কাৰাই কয়, "৭ মে'ৰ পৰা ১০ মে'ৰ ভিতৰত পুঞ্চ আৰু ৰাজৌৰীত পাকিস্তানৰ গুলীচালনাৰ ফলত বহু সাধাৰণ নাগৰিক নিহত হোৱাৰ লগতে সা-সম্পত্তিৰ ক্ষতি হয়। এই  ঘটনাৰ পিছত ৰাহুল গান্ধীয়ে পুঞ্চ ভ্ৰমণ কৰি ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক সাক্ষাৎ কৰে। তেওঁ আমাক পিতৃ-মাতৃ বা উপাৰ্জনকাৰী সদস্য হেৰুওৱা স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ তালিকা প্ৰস্তুত কৰিবলৈ কয়। আমি তেওঁৰ ওচৰত এনে ২২ টি শিশুৰ নাম জমা দিছোঁ।"

কাৰাই  কয় যে ২২ টি কণমানিৰ তালিকা কেৱল পুঞ্চ জিলাৰ আশেপাশেহে প্ৰস্তুত কৰা হৈছিল। তিনিদিনীয়া ভ্ৰমণৰ পিছত আৰু কিছু শিশু এই তালিকাত যোগ হ’ব পাৰে বুলিও তেওঁ  ইংগিত দিয়ে। যুদ্ধ বা সন্ত্ৰাসবাদ পৰিস্থিতিৰ বাবে যাতে শিক্ষাত বাধা নপৰে তাৰ বাবে  এই পদক্ষেপ গ্ৰহণ কৰা বুলিও মন্তব্য কৰে জম্মু-কাশ্মীৰ কংগ্ৰেছে।

একে সময়তে  তাৰিক কাৰাই কয় যে নিৰ্বাচনৰ পূৰ্বে গঠিত মিত্ৰজোঁটৰ অংশীদাৰ নেচনেল কনফাৰেন্স (এন চি) ৰ সৈতে তেওঁলোকৰ কোনো সংঘাত নাই। কিন্তু যোৱা ৯ মাহ ধৰি কংগ্ৰেছে শাসকীয় দলৰ সৈতে সমন্বয় সমিতি গঠনৰ বাবে অপেক্ষা কৰি আছে।

ৰাহুল গান্ধী