/asomiyapratidin/media/media_files/2025/05/24/r9s5UjSK2JLjmgvAU9Yx.jpg)
ডিজিটেল ডেস্কঃ বিপদ বাঢ়িছে ৰাহুল গান্ধীৰ। শেহতীয়াকৈ পুৰণি এক গোচৰত ঝাৰখণ্ডৰ ছাইবাছাৰ এখন বিশেষ আদালতে কংগ্ৰেছ নেতাগৰাকীৰ বিৰুদ্ধে জামিন বিহীন ৱাৰেন্ট জাৰি কৰিছে। কংগ্ৰেছ নেতাগৰাকীক অহা ২৬জুন ২০২৫ত আদালতত হাজিৰ হবলৈ কঠোৰভাৱে নিৰ্দেশ প্ৰদান কৰিছে আদালতে।
উল্লেখ কৰা প্ৰয়োজন যে, ২০১৮চনত ৰাহুল গান্ধীৰ এক বিৰ্তকিত ভাষণক লৈ ছাইবাছাৰ ছি জে এম আদালতত এক মানহানিৰ গোচৰ ৰুজু কৰা হৈছিল। তাৰ পিছতে বাৰে বাৰে নটিচ দিয়াৰ পাছতো আদালতত উপস্থিত হোৱা নাছিল ৰাহুল গান্ধী। অৱশেষত উপায়ান্তৰ হৈ আদালতে ৰাহুল গান্ধীৰ বিৰুদ্ধে জামিনবিহীন ৱাৰেন্ট জাৰি কৰিছে।
ৰাহুল গান্ধীৰ বিৰুদ্ধে ২০১৮চনৰ ৯জুনত বিজেপিৰ বিধায়ক প্ৰতাপ কাটিয়াৰে এই গোচৰ ৰুজু কৰিছিল। যদিহে অহা ২৬জুনত ৰাহুল গান্ধী আদালতত হাজিৰ নহয়, তেন্তে কংগ্ৰেছ নেতাগৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ সম্ভাৱনা আছে।