ৰাহুল গান্ধীৰ নেতৃত্ব কন্যাকুমাৰীৰ পৰা আজি আৰম্ভ হ'ব 'ভাৰত জোড়ো যাত্ৰা'...

ৰাহুল গান্ধীৰ 'ভাৰত জোড়ো যাত্ৰা'ই ১২ খন ৰাজ্য আৰু দুখন কেন্দ্ৰীয় শাসিত অঞ্চলক সামৰি ল'ব।

author-image
Asomiya Pratidin
New Update
 ৰাহুল গান্ধীৰ নেতৃত্ব কন্যাকুমাৰীৰ পৰা আজি আৰম্ভ হ'ব 'ভাৰত জোড়ো যাত্ৰা'...

ডিজিটেল ডেস্কঃ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আজি কন্যাকুমাৰীৰ পৰা কংগ্ৰেছ দলৰ ভাৰত জোড়ো যাত্ৰা। এই যাত্ৰাৰ পূৰ্বে তেওঁ তামিলনাডুৰ শ্ৰীপেৰুম্বুদুৰত থকা ৰাজীৱ গান্ধীৰ স্মৃতিসৌধ পৰিদৰ্শন কৰে।

Advertisment

ৰাহুল গান্ধীৰ 'ভাৰত জোড়ো যাত্ৰা'ই ১২ খন ৰাজ্য আৰু দুখন কেন্দ্ৰীয় শাসিত অঞ্চলক সামৰি ল'ব। এই পদযাত্ৰা প্ৰায় ১৫০ দিনৰ হ'ব। পদযাত্ৰাই সামৰি ল'ব ৩,৫৭০ কিলোমিটাৰ দূৰত্ব। কন্যাকুমাৰীৰ পৰা আৰম্ভ হ'বলগীয়া এই ভাৰত জোড়ো যাত্ৰা কাশ্মীৰত সমাপ্ত হ'ব।

যাত্ৰাৰ পূৰ্বে ৰাহুল গান্ধীয়ে কন্যাকুমাৰীৰ মহাত্মা গান্ধী মণ্ডপত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। অনুষ্ঠানত তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনে ৰাহুল গান্ধীৰ হাতলৈ খাদীৰ ৰাষ্ট্ৰীয় পতাকা হস্তান্তৰ কৰিব।

এই যাত্ৰাৰ সময়ত হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মী আৰু নেতাই প্ৰতিদিনে প্ৰায় ছয়-সাত ঘণ্টা খোজ কাঢ়িব। ৰাহুল গান্ধীয়ে কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ পদ যাত্ৰা কৰিব। লগত থাকিব এখন কণ্টেইনাৰ বাহন। য'ত তেওঁ নিশা পাৰ কৰিব।

কংগ্ৰেছ দলে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে সমগ্ৰ দেশত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে জনসমৰ্থন প্ৰস্তুত কৰিবলৈ এই যাত্ৰা বাহিৰ কৰিছে। এই যাত্ৰাকালত, কংগ্ৰেছে মুদ্ৰাস্ফীতি, নিবনুৱা সমস্যা আৰু অৰ্থনীতি ধ্বংসৰ বিষয়টো উত্থাপন কৰিব।

কংগ্ৰেছৰ মতে ৭ ছেপ্টেম্বৰৰ সন্ধিয়া ৫ বজাত কন্যাকুমাৰীত এক বিশাল ৰেলীৰে এই যাত্ৰা আৰম্ভ হ'ব। ৮ ছেপ্টেম্বৰত, প্ৰতিটো বিধানসভা সমষ্টিত পদযাত্ৰা উলিওৱা হ'ব আৰু সকলো ধৰ্মৰ প্ৰাৰ্থনা আৰু অন্যান্য কাৰ্যসূচীও আয়োজন কৰা হ'ব।

congress rahul gandhi bharat jodo yatra tamilnadu