”সমস্যা সমাধান কৰা দূৰৰ কথা, মোডীয়ে মূল্যবৃদ্ধি আৰু নিবনুৱা সমস্যাৰ বিষয়ে আলোচনাই নকৰে”

”সমস্যা সমাধান কৰা দূৰৰ কথা, মোডীয়ে মূল্যবৃদ্ধি আৰু নিবনুৱা সমস্যাৰ বিষয়ে আলোচনাই নকৰে”

author-image
asomiyapratidin
New Update
কোৰোনাত আক্ৰান্ত ৰাহুল গান্ধী…

ডিজিটেল ডেস্ক: কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বৃহস্পতিবাৰে কয় যে বৰ্তমান সময়ৰ নিবনুৱা, মূল্য বৃদ্ধি আৰু সামাজিক অশান্তি আদি মূল সমস্যা, কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সমাধান কৰা দূৰৰেই কথা এই বিষয়ে মন্তব্যও নকৰে। সামাজিক মাধ্যমত এটি ভিডিঅ' শ্বেয়াৰ কৰি এই মন্তব্য কৰে গান্ধীয়ে।

Advertisment

তেওঁ এটি ভি়ডিঅ' টুইট কৰি কয় যে  দেশত আজিৰ দিনত নিবনুৱা, মূল্যবৃদ্ধি আৰু সমাজত হৈ থকা অশান্তিয়ে হৈছে মূল সমস্যা। ইয়াৰ বাবে যুৱ প্ৰজন্মৰ মাজত খং তথা অস্থিৰতা বৃদ্ধি পাইছে। সমাধানটো দুৰৰ কথা প্ৰধানমন্ত্ৰীয়ে এই বিষয়ে কেতিয়াও কোনো মন্তব্যও নকৰে।


— Rahul Gandhi (@RahulGandhi) March 3, 2022

উল্লেখ্য যে, ৰাহুল গান্ধীয়ে শ্বেয়াৰ কৰা ভিডিঅ'টিত দেখিবলৈ পোৱা গৈছে যে কেইজনমান যুৱকে নিৱনুৱা সমস্যাৰ ওপৰত খং ব্যক্ত কৰিছে। ৰাহুল গান্ধীয়ে প্ৰায়েই বিজেপি চৰকাৰত কটাক্ষ কৰি মন্তব্য কৰা দেখা যায়। তদুপৰি তেওঁ ছ'চিয়েল মিডিয়াত যথেষ্ঠ সক্ৰিয় হৈ থাকে আৰু বিভিন্ন সময়ত ছ'চিয়েল মিডিয়াৰ জৰিয়তেই মোডীক কটাক্ষ কৰে।

narendra modi rahul gandhi