/asomiyapratidin/media/media_files/2025/08/17/whatsapp-image-20-2025-08-17-18-05-03.jpeg)
ডিজিটেল ডেস্কঃ দেওবাৰে নিৰ্বাচন আয়োগৰ সংবাদমেলৰ পিছত কংগ্ৰেছ দলে নিজ অফিচিয়েল এক্স একাউণ্টত এটা ভিডিঅ’ কোলাজ পোষ্ট কৰে। পোষ্টটোত লিখে যে, "নিৰ্বাচন আয়োগে পুনৰ মিছা কথা কৈছে। এই ভিডিঅ' কোলাজত প্ৰথম মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে প্ৰথমে কয় যে, আমাৰ বাবে কোনো শাসকীয় দল নাই, কোনো বিৰোধীও নাই, সকলো সমান।
ৰাহুল গান্ধীয়ে কোলাজত প্ৰকাশ কৰা অন্য এটা ভিডিঅ'ত জ্ঞানেশ কুমাৰে কয় যে, কিছুদিন পূৰ্বে বিজেপিৰ লোকসকলে সংবাদমেল অনুষ্ঠিত কৰিছিল, তেওঁলোকৰ পৰা কোনো ধৰণৰ এফিডেফিড বিচৰা হোৱা নাছিল। সকলো তেওঁলোকৰে তথ্য, তেওঁলোকৰে হিচাপ, কিন্তু মোৰ পৰা এফিডেফিড বিচাৰা হৈছে।
चुनाव आयोग ने फिर झूठ बोला pic.twitter.com/TMaFd4vN8b
— Congress (@INCIndia) August 17, 2025
আনহাতে, মুখ্য নিৰ্বাচন আয়ুক্তৰ "ভোট চুৰিৰ দৰে শব্দৰে সংবিধানক অপমান কৰা" বুলি দিয়া বক্তব্যত কংগ্ৰেছ নেতা পৱন খেৰাৰ প্ৰতিক্ৰিয়া প্ৰকাশ পাইছে। পৱন খেৰাই কয় যে, "আপুনি কোন কিবা ক'বলৈ? প্ৰথমে চুৰি কৰা বন্ধ কৰক আৰু আমি ভোট চুৰিৰ দৰে শব্দ ব্যৱহাৰ কৰা বন্ধ কৰি দিম।"
কংগ্ৰেছ নেতাগৰাকীয়ে আৰু কয় যে যদি চিচিটিভিয়ে গোপনীয়তা উলংঘা কৰে তেন্তে ৪৫ দিনৰ বাবে কেনেকৈ দিব। অনুৰাগ ঠাকুৰক মেচিন পঢ়িব পৰা তালিকা এখন কেনেকৈ দিলে? জ্ঞানেশ গুপ্তাই যদি সঠিকভাৱে কাম কৰিলেহেতেন তেন্তে তেওঁ এনে কথা নক’লেহেতেন।
ইফালে নিৰ্বাচন আয়োগৰ উত্তৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এজন কংগ্ৰেছ নেতাই। বিহাৰ কংগ্ৰেছৰ সহ-প্ৰভাৰী শ্বাহনৱাজ আলমে কয় যে, "নিৰ্বাচন আয়োগৰ মনত যদি কোনো কু-অভিপ্ৰায় নাছিল, তেন্তে ৰাহুল গান্ধীয়ে সংবাদমেল অনুষ্ঠিত কৰাৰ দিনাই ওলাই আহিব লাগিছিল। বিজেপিৰ হাতত কোনো উত্তৰ নাই, গতিকে নিৰ্বাচন আয়োগক আগুৱাই অনা হৈছে।"