/asomiyapratidin/media/media_files/2025/01/18/nn6YQ8apelOcCT1ChN7f.png)
ডিজিটেল ডেস্কঃ দিল্লীৰ নিৰ্বাচনৰ দিন চমু চাপি অহা লগে লগে তৎপৰ হৈ পৰিছে কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী। প্ৰতিদিনে দিল্লীৰ যিকোনো এটা অঞ্চল পৰ্যবেক্ষণ কৰি সেই অঞ্চলটোৰ সমস্যাৰ বুজ লৈছে বিৰোধী দলপতিগৰাকীয়ে। লগতে এই সমস্যা সমূহ সন্দৰ্ভত নিজৰ সামাজিক মাধ্যমত উল্লেখ কৰি আহিছে।
একেদৰে বৃহস্পতিবাৰে মাজ নিশা দিল্লী এইমছত উপস্থিত হৈ হাস্পতালখনৰ চিকিৎসা ব্যৱস্থাৰ বুজ লয় লগতে ৰোগী আৰু অভিভাৱক সকলৰ সৈতে মতবিনিময় কৰে ৰাহুলে। এই সময়ছোৱাত ৰোগীসকলেও নিজৰ সমস্যা ৰাহুলক জনাইছিল। ইয়াৰ পাছতে এইমছৰ সমগ্ৰ ব্যৱস্থাপনাক লৈ প্ৰশ্ন উত্থাপন কৰিছে নেতাগৰাকীয়ে। তেওঁ কেন্দ্র আৰু দিল্লী চৰকাৰক ৰোগীৰ প্রতি সংবেদনহীন বুলি অভিযোগ কৰিছে।
ৰাহুল গান্ধীয়ে নিজৰ এক্স হেণ্ডেলত উল্লেখ কৰে যে, এইমছৰ বাহিৰখন নৰক সদৃশ-
তেওঁ কয় যে, "এইমছৰ বাহিৰখন নৰক ! দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা দৰিদ্ৰ ৰোগী আৰু তেওঁলোকৰ পৰিয়ালে অপৰিস্কাৰ,পেটৰ তাৰণা আৰু হাড় কপা ঠাণ্ডাত এইমছৰ বাহিৰত শুবলৈ বাধ্য হৈছে। ওপৰত নাই এখন চালি, নাই খাদ্য, নাই শৌচাগাৰ আৰু খোৱাপানীৰ ব্যৱস্থা। ডাঙৰ ডাঙৰ দাবী কৰা কেন্দ্ৰীয় আৰু দিল্লী চৰকাৰে এই সংকটৰ সময়ছোৱাত কিয় চকু মুদা কুলিৰ ভাও ধৰিছে? একবিংশ শতিকাত মানুহে এনেকৈ মিছা কথা কৈছে। ইয়াত মানুহ কষ্টত আছে, মৃত্যুমুখত পৰিছে সেয়া সম্পূৰ্ণ হতাশাজনক।"
কেন্দ্ৰ-দিল্লী চৰকাৰক লক্ষ্য কৰি ৰাহুলে কয় যে,
ইয়াৰ পূৰ্বেও এইমছ ভ্ৰমণ কৰি ৰাহুল গান্ধীয়ে ইনষ্টাগ্ৰামত লিখিছিল, "বেমাৰৰ বোজা, হাড় কপোৱা ঠাণ্ডা আৰু চৰকাৰৰ সংবেদনহীনতা। কেন্দ্ৰ আৰু দিল্লী দুয়োখন চৰকাৰে জনসাধাৰণৰ প্ৰতি থকা দায়িত্ব পালনত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। ইয়াৰ অৰ্থ হ'ল যিসকল অভিভাৱক ৰোগীৰ সৈতে ইয়ালৈ আহিছে তেওঁলোকে এই ঠাণ্ডাত পদপথ বা ছাবমেট্ৰ'ত শুবলগীয়া হৈছে।"
ইফালে ৰাহুল গান্ধীৰ এই ভিডিঅ’টো সামাজিক মাধ্যত চৰ্চিত হোৱাৰ পিছত এইমছ কৰ্তৃপক্ষয়ো এক বিবৃতি প্ৰকাশ কৰিছে। ৰোগীয়ে অ’পিডি চিকিৎসাৰ বাবে অহা ৰোগী সকলে এতিয়া ৰাতি ৰিং ৰোডৰ চাৰ্ভিচ লেনত নাথাকে।
লগতে কয় যে, চি আৰ পি এফৰ সহায়ত ট্ৰমা চেণ্টাৰৰ ওচৰত নিৰ্মাণ কৰা আশ্ৰয় শিবিৰত প্ৰতিদিনে ২২৫-২৫০ জন ৰোগীক ৰখা হৈছে আৰু তেওঁলোকক বিনামূলীয়া খাদ্যও দিয়া হৈছে। এইদৰে যোৱা ৮ দিনত ১৭৭৭ জন ৰোগী আশ্ৰয় শিবিৰত আছিল।
লগতে এইমছে উল্লেখ কৰে যে, এই শিবিৰৰ চাৰিটা ৰেষ্ট হাউছ আছে য’ত বৰ্তমান ৫০০ ৰোগীয়ে আশ্ৰয় লৈ আছে। এইমছৰ বাহিৰত নিৰ্মিত ছাবমেট্ৰ’ত থকা সকলো মানুহ কেৱল যে এইমছে ৰোগী তাৰ কোনো প্ৰমাণ নাই। বহুতে তাত বিনামূলীয়া কম্বল আৰু খাদ্যৰ বাবেও থাকে বুলি নিজ বিবৃতিত যুক্তি দৰ্শাই এইমছে।