গুৱাহাটীত উপস্থিত মল্লিকাৰ্জুন খাৰ্গে, ৰাহুল গান্ধী, কে চি বণুগোপালঃ এ পি চি চিৰ উষ্ম আদৰণি

গুৱাহাটীত উপস্থিত কংগ্ৰেছৰ সভাপতি, জ্যেষ্ঠ কংগ্ৰেছী নেতা মল্লিকাৰ্জুন খাৰ্গে, লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী আৰু দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক কে চি বেণুগোপাল।

author-image
Tushar Pratim
New Update
গুৱাহাটীত উপস্থিত মল্লিকাৰ্জুন খাৰ্গে,  ৰাহুল গান্ধী, কে চি বণুগোপালঃ এ পি চি চিৰ উষ্ম আদৰণি

ডিজিটেল ডেস্কঃ গুৱাহাটীত আহি উপস্থিত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি, জ্যেষ্ঠ কংগ্ৰেছী নেতা মল্লিকাৰ্জুন খাৰ্গে, লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী আৰু দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক কে চি বেণুগোপাল। বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত তিনিওগৰাকী নেতাকে প্ৰদেশ কংগ্ৰেছে অতি উষ্ম আদৰণি জনায়। 

এ পি চি চিৰ সভাপতি তথা বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈ, এ পি চি চিৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিং, সাংসদ ৰকিবুল হুছেইন, ৰিপুণ বৰা, ভূপেন বৰাকে ধৰি বহু কেইজন কংগ্ৰেছ নেতাই তিনিওগৰাকী নেতাকে আদৰণি জনোৱাৰ লগতে বহু সংখ্যক কংগ্ৰেছ কৰ্মীও উপস্থিত থাকে। তিনিওগৰাকী নেতাক কাষত পাই এই কংগ্ৰেছ কৰ্মীসকল অতি উৎফুল্লিত হৈ পৰাও পৰিলক্ষিত হয়। 

উল্লেখ্য যে, আজি একাধিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব এই তিনিওগৰাকী কংগ্ৰেছ নেতাই। তেওঁলোকে প্ৰথমে হোটেল কিৰণশ্ৰীলৈ ৰাওনা হ’ব। তাতেই নতুনকৈ দায়িত্ব প্ৰাপ্ত কংগ্ৰেছ নেতাসকলৰ সৈতে এক গুৰুত্বূপূৰ্ণ বৈঠকত মিলিত হ’ব। এই বৈঠকত মূলতঃ ২০২৬ ৰ বিধানসভা নিৰ্বাচনৰপ প্ৰতি লক্ষ্য ৰাখি দলটোৰ সাংগঠিন ভেঁটি শক্তিশালী কৰাৰ ওপৰতে আলোচনা হ’ব। 

তাৰ পিছতেই তেওঁলোক ৰাওনা হ’ব ছয়গাঁৱত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ কৰ্মীৰ সভালৈ। এই সভাস্থলীত কেইবাহাজাৰ কংগ্ৰেছ কৰ্মী ইতিমধ্যে সমবেত হৈছে।  

মল্লিকাৰ্জুন খাৰ্গে ৰাহুল গান্ধী কংগ্ৰেছ