/asomiyapratidin/media/media_files/2025/01/27/oACargtWbP3GjaBjLiRN.jpg)
ৰাহুল গান্ধী Photograph: (ৰাহুল গান্ধী)
ডিজিটেল ডেস্কঃ মধ্য প্ৰদেশৰ এখন জনসভা সম্বোধন কৰি এইবাৰ একাংশ সংবাদ মাধ্যমক তীব্ৰ কটাক্ষ কৰিলে বিৰোধী দলৰ নেতা তথা কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে। সভাখনত ভাষণ দি থকাৰ মাজতে সংবাদ মাধ্যমৰ কেমেৰা দেখি কংগ্ৰেছ নেতাগৰাকীয়ে অতি ক্ষোভেৰে ক’লে- এই যে সংবাদ মাধ্যমৰ কেমেৰা দেখিছে, সেয়া আপোনাৰ-মোৰ দৰে সাধাৰণ নাগৰিকৰ বাবে নহয়। এয়া হৈছে আদানী আৰু আ্ম্বানীৰ সংবাদ মাধ্যম। তেওঁলোকে আমাৰ খবৰ নাৰাখে নাইবা প্ৰচাৰ নকৰে।
সংবাদ মাধ্যমৰ কাম-কাজৰ প্ৰতি তীব্ৰ কটাক্ষ কৰি ৰাহুল গান্ধীয়ে লগতে কয়- আপুনি ভোকৰ মৰি যাওঁক, আপোনাৰ সন্তান খাবলৈ নাপাই মৰি যাওঁক, কৃষকে আত্মহত্যা কৰক তথাপিও এই সংবাদ মাধ্যমৰ গা নল’ৰে। তেওঁলোকে কেৱল দেখায় আদানী আৰু আম্বানীৰ বিয়াৰ খবৰ। সংবাদ মাধ্যমৰ এই লোক সকল তেওঁলোকৰে মানুহ। আদানী-আম্বানীৰ তলত চাকৰি কৰা কেৱল একো একোজন কৰ্মচাৰীহে।
কংগ্ৰেছ নেতাগৰাকীয়ে আৰু এখোপ আগুৱাই গৈ কটাক্ষ কৰি কয়- আমাৰ এই সংবাদ মাধ্যমে নিবনুৱাৰ কথা নকয়, খেতিয়কৰ দুৰ্দশাৰ খবৰ নেদেখায়, মজদুৰৰ দাবীৰ কথা নকয়। তেওঁলোকে মাত্ৰ ভাৰতৰ মানুহক ভয় খোৱাই দেখায় যে, আফগানিস্তানত কি হৈ আছে, কি ভয়াৱহ হৈ পৰিস্থিতি হৈছে আফগানিস্তানত। কিন্তু তেওঁলোকে ভাৰতত কৈ হৈ আছে কেতিয়াও নকয়।
উল্লেখ কৰা প্ৰয়োজন যে, সোমবাৰে লোকসভাৰ বিৰোধী দলৰ নেতাগৰাকীয়ে মধ্যপ্ৰদেশৰ মহুত জয় বাপু, জয় ভীম, জয় সংবিধান শীৰ্ষক এক ৰেলীত অংশ লৈছিল। আৰু তাৰ পিছতে অনুষ্ঠিত হোৱা এক জনসভাত এনেদৰে সংবাদ মাধ্যমৰ লগতে বিজেপি চৰকাৰক তীব্ৰ কটাক্ষ কৰে ৰাহুল গান্ধীয়ে।