“দেশৰ প্ৰধান মন্ত্ৰীৰ কথা আৰু কাৰ্য্যৰ  মাজত বৃহৎ তফাৎ পৰিলক্ষিত হৈছে !”

“দেশৰ প্ৰধান মন্ত্ৰীৰ কথা আৰু কাৰ্য্যৰ  মাজত বৃহৎ তফাৎ পৰিলক্ষিত হৈছে !”

author-image
asomiyapratidin
New Update
“দেশৰ প্ৰধান মন্ত্ৰীৰ কথা আৰু কাৰ্য্যৰ  মাজত বৃহৎ তফাৎ পৰিলক্ষিত হৈছে !”

ডিজিটেল ডেস্ক : কংগ্ৰেছী নেতা ৰাহুল গান্ধীয়ে ১৭ আগষ্ট, বুধবাৰে টুইটাৰৰ জৰিয়তে বিলকিছ বানোৰ ধৰ্ষণকাৰীসকলক কাৰাগাৰৰ পৰা মুক্তি দিয়া প্ৰসংগত প্ৰশ্ন উত্থাপন কৰে  দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীক । যিসকল ব্যক্তিয়ে ৫ মহীয়া গৰ্ভৱতী মহিলা আৰু তেখেতৰ ৩ বছৰীয়া সন্তানৰ হত্যা কৰিছিল সেই অপৰাধীসকলক দেশৰ 'স্বাধীনতাৰ অমৃত মহোৎসৱ' ৰ আয়োজনৰ মাজতেই কাৰামুক্তি লাভ কৰা ঘটনাই দেশৰ নাৰীসকললৈ কি বাৰ্তা প্ৰেৰণ কৰিব বুলিও প্ৰশ্ন কৰে ৰাহুন গান্ধীয়ে ।

উল্লেখ্য যে, ২০০২ চনৰ গুজৰাটৰ গোধৰা কাণ্ডৰ পাছতেই সমগ্ৰ ৰাজ্যত সৃষ্টি হোৱা  অপ্ৰীতিকৰ পৰিস্থিতিৰ মাজতেই বিলকিছ বানো নামৰ মহিলাগৰাকীৰ ধৰ্ষণ তথা তেওঁৰ  সৈতে পৰিয়ালৰ আন ৭জন ব্যক্তিৰ হত্যাৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল ১১ জন ব্যক্তি ।  আদালতৰ নিৰ্দেশ অনুসৰি এই ১১ জন ব্যক্তিক দিয়া হৈছিল আজীৱন কাৰাদণ্ড ।

আনহাতে, হত্যাকৰীসকলক কাৰামুক্তিৰ পাছত মিঠাই আৰু ফুলৰ হাৰেৰে সম্বৰ্ধনা জনোৱা  ঘটনাক সমালোচনা কৰিছে সমগ্ৰ দেশে ।

আৰু পঢ়ক :কিশোৰীক শ্লীলতাহানিৰ চেষ্টা, আটক এজন…

narendra modi rahul gandhi gujrat rape murder