/asomiyapratidin/media/media_files/2025/12/03/ap-web2-2025-12-03-13-11-19.jpg)
ডিজিটেল সংবাদ,ৰহাঃ মহিলা উদ্যমিতা আঁচনীৰ জড়িয়তে বিভিন্ন উন্নয়ন মূলক পদক্ষেপ গ্ৰহণ কৰি আহিছে অসম চৰকাৰে । মহিলাসকলক বিশেষভাৱে স্বাৱলম্বী কৰিবলৈ উৎসাহ যোগাই আহাৰ লগতে বহুতো সহায় আগবঢ়াইছে মহিলাসকলক।সেই সময়তে প্ৰতি গৰাকী মহিলাৰ বাবে আদৰ্শ হৈ পৰিছে ৰহাৰ নকুচিৰ মীনা ছেত্ৰী নামৰ এগৰাকী মহিলা।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/03/whatsapp-image-2025-12-03-13-07-25.jpeg)
উল্লেখ্য যে, গো পালনৰ জড়িয়তে স্বাৱলম্বী হৈ উঠিছে মীনা ছেত্ৰী। ২০১৭চনতে দুজনী গাই গৰুৰে আৰম্ভ কৰিছিল গো পালন আৰু বৰ্তমান সময়ত প্ৰায় ২০জনীতকৈ অধিক গাই গৰুৰে পৰিপূৰ্ণ মীনাৰ গোহালি। প্ৰতিদিনে উৎপাদন হয় প্ৰায় ৮০ লিটাৰ গাখীৰ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/03/whatsapp-image-2025-12-03-13-07-46.jpeg)
ইতিমধ্যে দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ তৰফৰ পৰা স্বীকৃতিও লাভ কৰিছে মীনা ছেত্ৰীয়ে। এষাৰ কথা আছে 'কষ্ট কৰিলে ৰত্ন পায়' । এই কথাষাৰি আখৰে আখৰে পালন কৰি স্বাৱলম্বীতাৰ দিশত মহিলা সকলৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে মীনা ছেত্ৰীয়ে। কৰ্ম সংস্থাপনৰ সন্ধানত বহিঃৰাজ্যলৈ যোৱাৰ বিপৰীতে পশু পালন, মীনা পালনৰ জড়িয়তে স্বাৱলম্বী হোৱাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে মীনা ছেত্ৰীয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/03/whatsapp-2025-12-03-13-08-12.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us