পথ নিৰ্মাণৰ দাবীত ডিমৌ ৰাইদঙীয়া সংযোগী গড়কাপ্তানী পথ অৱৰোধ...

ৰহা সমষ্টিত নতুনকৈ সংযোজন হোৱাত পথটো ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে প্ৰায় ছমাহ-সাতমাহৰ পূৰ্বে আধাৰশিলা স্থাপন কৰিছিল যদিও  আজি পৰ্যন্ত পথটো এটা শিলগুটি নপৰিল। 

author-image
Asomiya Pratidin
New Update
ghttert

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ  নগাঁও জিলাৰ ডিমৌ ৰাইদঙীয়া সংযোগী গড়কাপ্তানী পথটো জৰাজীৰ্ণ ৰূপ লোৱাত স্থানীয় মহিলা সকল ওলাই আহি আজি পথ অৱৰোধ  কৰে। নগাঁও জিলাৰ ৰহা সমষ্টিত নতুনকৈ সংযোজন হোৱাত পথটো ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে প্ৰায় ছমাহ-সাতমাহৰ পূৰ্বে আধাৰশিলা স্থাপন কৰিছিল যদিও আজি পৰ্যন্ত পথটো এটা শিলগুটি নপৰিল। 

Advertisment

 প্ৰায় চাৰিবছৰ ধৰি জৰাজীৰ্ণ হৈ থকা পথটো নিৰ্মাণ নকৰাত পথটোত কেইবাটাও দুৰ্ঘটনাও সংঘটিত হৈছে। যাৰ পৰিপ্ৰেক্ষিতত স্থানীয় মহিলা সকল ওলাই আহি পথ অৱৰোধ কৰে। বোকাময় পথক ওপৰত মহিলা সকল সমবেত হৈ "আমাৰ পথটি সোনকালে নিৰ্মাণ কৰক, গড়কাপ্তানি বিভাগ মুৰ্দাবাদ" আদি শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে।

ডিমৌ