ডিজিটেল সংবাদ,ৰহাঃ নগাঁৱৰ ৰহাৰ খলিহামাৰীত চৰম আতংকত ভুগিছে কপিলীপৰীয়া ৰাইজ। নিশাটোৰ ভিতৰতে চপৰা চপৰে খহিছে কপিলী নদীৰ গৰা। চৰম নিৰাপত্তাহীনতাত ভুগিছে নৈপৰীয়া জনতা। উল্লেখ্য যে ১৯৮৮ চনৰ কপিলী নদীৰ প্ৰৱল বানৰ পাছৰে পৰা অঞ্চলটো প্ৰৱল খহনীয়া আৰম্ভ হৈছিল। খহনীয়াই বহু বিঘা মাটি খহাই নিয়াৰ পিচত মথাউৰি তথা যোগাযোগৰ পথ পৰ্যন্ত খহাই নিলে।
ৰাইজৰ পট্টা মাটিৰ ওপৰত নতুনকৈ নিৰ্মাণ কৰিবলগীয়া হ'ল পথ তথা মথাউৰি। প্ৰতি বছৰে অহা বানৰ ফলত সেই মথাউৰি তথা পথো জাহ গ'ল নদীৰ বুকুত। খহনীয়াৰ ফলত এনেদৰে অঞ্চলটোত ৩বাৰকৈ পিচুৱাই নিৰ্মাণ কৰিবলগীয়া হ'ল পথ। ২০০৪ চনৰ প্ৰলয়ংকৰী বানৰ পাছত অঞ্চলটোত পুনৰ আৰম্ভ হ'ল ভয়াৱহ খহনীয়া। পাছত জলসম্পদ বিভাগে শৈলবান্ধ দি খহনীয়া ৰোধৰ ব্যৱস্থা কৰে।
কিন্তু শেহতীয়াকৈ অঞ্চলটোত পুনৰ সৃষ্টি হৈছে ভয়ানক খহনীয়া। নিশাটোৰ ভিতৰতে নদীৰ বুকুত বহি গৈছে বৃহৎ অংশ। মূল পথটোও নদীৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে। জলসম্পদ বিভাগে কেৱল গছ-বন পেলাই খহনীয়া ৰোধৰ বৃথা চেষ্টা কৰা দেখা গৈছে। এই খহনীয়াৰ স্থায়ী ৰোধৰ ব্যৱস্থা নকৰিলে অনাগত দিনত এক অনাকাংশিত পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব নগাঁও আৰু মৰিগাঁও জিলাৰ এটা সুবৃহৎ অঞ্চল।
যাৰ ফলত আতংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ আৰু চৰম নিৰাপত্তাহীনতাত ভুগিছে অঞ্চলবাসী। কপিলী পুনৰ উফন্দি উঠিলেই সমগ্ৰ পথটো ভাঙি নিয়াৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। পথটো ভাঙিলেই এটা বৃহৎ অঞ্চল পানীত ডুব যোৱাই নহয় ঘৰ-ভেটি হেৰুৱাই অনাথ হৈ পৰিব বহু পৰিয়াল। এনে অনাকাংশিত পৰিস্থিতিৰ কথা চিন্তা কৰি দিন-ৰাতি একাকাৰ কৰিবলগীয়া হৈছে অঞ্চলৰ ৰাইজে। সেয়ে অন্তিম পৰ্যায় নাপাওঁতেই এই ভয়াৱহ খহনীয়া স্থায়ী ৰোধৰ ব্যৱস্থা কৰিবলৈ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা তথা চৰকাৰক দাবী জনাইছে অঞ্চলৰ ৰাইজে।