অসম আৰক্ষীত কৰ্মৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ সুদক্ষ খেলুৱৈ অম্লান জিৎ বৰঠাকুৰৰ অকাল বিয়োগ...

ৰহাৰ জোঙাল বলহু গড়ত সংঘটিত হৈছে পথ দুৰ্ঘটনা। AS 02 6827 নম্বৰৰ‌ এখন বলেন' বাহন আৰু AS 02 15 H 1296 নম্বৰৰ এখন মটৰচাইকেলৰ মাজত সংঘটিত হয় সংঘৰ্ষ। ইপিনে নগাঁৱৰ পৰা গুৱাহাটী অভিমুখী

author-image
Asomiya Pratidin
New Update
amlamn

ডিজিটেল সংবাদ,ৰহাঃ  ৰহাৰ জোঙাল বলহু গড়ত সংঘটিত হৈছে পথ দুৰ্ঘটনা। AS 02 6827 নম্বৰৰ‌ এখন বলেন' বাহন আৰু AS 02 15 H 1296 নম্বৰৰ এখন মটৰচাইকেলৰ মাজত সংঘটিত হয় সংঘৰ্ষ। ইপিনে নগাঁৱৰ পৰা গুৱাহাটী অভিমুখী আছিল দুয়োখন বাহন। 

9b4d1a26-376b-4c5b-80cf-bd27988ed251

উল্লেখ্য যে গুৰুতৰভাৱে আহত বাইক আৰোহীজনক নগাঁও চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় । শেহতীয়া তথ্য অনুসৰি নগাঁও চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে বাইক আৰোহীজনে। 

image (10)

তাৰোপৰি বাইক আৰোহীজন গহপুৰৰ অম্লান জিৎ বৰঠাকুৰ বুলি জানিব পৰা গৈছে। অম্লান অসম পুলিচত কৰ্মৰত আছিল । অম্লানজিতৰ ঘৰ জামুগুৰিহাটৰ গেৰেকীচুকত।

56e77ca2-b192-4aac-bcb9-8a0401df4591

প্ৰাণিধানযোগ্য যে, অসম পুলিচত কৰ্মৰত অম্লান জিৎ সুদক্ষ খেলুৱৈ আছিল আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত সোণৰ পদকো লাভ কৰিছিল।

ddddd

ইপিনে বাৰ্মিংহামত অনুষ্ঠিত হোৱা world police & firegames 2025  ত সোণৰ পদক লাভ কৰিছিল অম্লান জিৎ তে। 

পথ দুৰ্ঘটনা ৰহা