Advertisment

আৰক্ষীক প্ৰাণে মৰাৰ ভাবুকি দি ৰঙাঘৰত বিজেপিৰ পালি নেতা ৰফিকুল...

আৰক্ষীকঅপদস্ত আৰু শাৰীৰিক ভাৱে আক্ৰমন কৰা এজন বিজেপি কৰ্মী আটক মৰিগাঁও আৰক্ষীৰ। আৰক্ষীয়ে আটক কৰা বিজেপি নেতাজন হৈছে ভুৰাগাঁৱৰ ৰফিকুল ইছলাম।

author-image
Asomiya Pratidin
New Update
 আৰক্ষীকঅপদস্ত আৰু শাৰীৰিক ভাৱে আক্ৰমন কৰা এজন বিজেপি কৰ্মী আটক মৰিগাঁও আৰক্ষীৰ। আৰক্ষীয়ে আটক কৰা বিজেপি নেতাজন হৈছে ভুৰাগাঁৱৰ ৰফিকুল ইছলাম।

ডিজিটেল সংবাদ, মৰিগাওঁঃ  আৰক্ষীকঅপদস্ত আৰু শাৰীৰিক ভাৱে আক্ৰমন কৰা এজন বিজেপি কৰ্মী আটক মৰিগাঁও আৰক্ষীৰ। আৰক্ষীয়ে আটক কৰা বিজেপি নেতাজন হৈছে ভুৰাগাঁৱৰ ৰফিকুল ইছলাম।

Advertisment

আৰক্ষী বিষয়া দেৱজিৎ শইকীয়াই দিয়া এজাহাৰ অনুসৰি বিগত ২৪ ফেব্ৰুৱৰী সন্ধ্যা থানাত সোধ-পোচৰ বাবে বহাই থৈছিল এগৰাকী অভিযুক্ত মহিলাক। মহিলা গৰাকীক থানাত ৰাখি থোৱাৰ প্ৰসংগত সন্ধ্যা প্ৰায় ৮:৪০ বজাত থানাত উপস্থিত হৈছিল বাহাৰুল ইছলাম আৰু ফৰিদ উদ্দিনৰ নেতৃত্বত কেইজনমান ব্যক্তি।

ব্যক্তি কেইজনে আৰক্ষী বিষয়া দেৱজিৎ শইকীয়াৰ লগত তৰ্কত লিপ্ত হোৱাৰ উপৰিও ঠেলিয়া গতিয়া কৰি শাৰীৰিক ভাৱে অপদস্ত কৰিছিল, যাৰ বাবে ব্যক্তি কেইজনক আৰক্ষীয়ে থানাৰ ভিতৰলৈ আনি বহুৱাই ৰাখিছিল। তেনে সময়তে ঘটনাস্থলিত এন্য কেইজনমান অচিনাক্ত ব্যক্তিৰ সৈতে থানাত উপস্থিত হয় ৰফিকুল ইছলাম।

ৰফিকুল ইছলামে কৰ্তব্যত নিয়োজিত গৃহৰক্ষি জোৱান জনৰ অনুমতি অবিহনে থানাৰ ভিতৰত প্ৰবেশ কৰে আৰু আৰক্ষী বিষয়া দেৱজিৎ শইকীয়াৰ লগত তৰ্কত লিপ্ত হোৱাৰ লগতে প্ৰাণে মৰাৰ চেষ্টা চলায়। ইয়াৰোপৰি থানাৰ সা- সম্পত্তি ভাঙিবলৈ উদ্যত হৈ আৰক্ষী বিষয়া গৰাকীক থেলিয়া গতীয়া কৰা বাহাৰুল ইছলাম আৰু ফৰিদ উদ্দিনক উলিয়াই লৈ যায়।

বিজেপি