/asomiyapratidin/media/media_files/2025/07/28/hhhhhhh-2025-07-28-12-43-45.jpg)
বাক্সাৰ ৰামপুৰত ৰাভা সাহিত্য সভাৰ অধিৱেশন
ডিজিটেল সংবাদ, বাক্সাঃ বাক্সা জিলা ৰাভা সাহিত্য সভাৰ দশম ত্ৰি-বাৰ্ষিক অধিৱেশনখন দেওবাৰে এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। ৰামপুৰত অনুষ্ঠিত এই অধিৱেশনত পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণ কৰাৰ পিছতে দুপৰীয়া অনুষ্ঠিত হয় মুকলি সভা।
নোমল সিং ৰাভাই সভাপতিত্ব কৰা মুকলি সভাখন উদ্বোধন কৰে নিখিল ৰাভা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তুলসী মানস ৰাভাই। সভাত উপস্থিত থাকি দুখনকৈ গ্ৰন্থ উন্মোচন কৰে বিশিষ্ট ইতিহাসবিদ ড০ উপেন ৰাভা হাকাচামে।
এই মুকলি সভাতে বাক্সা জিলাৰ দহগৰাকীকৈ কৃতী ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হয় উপেন্দ্ৰ ফেলশ্বিপ বঁটা। বহু শতাধিক লোক উপস্থিত থকা সভাখনত ৰাভা স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।