/asomiyapratidin/media/media_files/2025/04/04/huNQuLzUGbX7TutPq6T3.jpg)
ডিজিটেল সংবাদ,কামৰূপঃ বিৰোধীক ধূলিসাৎ কৰি ৰাভা হাছং দখল কৰাৰ দিশে বিজেপি মিত্রজোঁট।ইতিমধ্যে ৩৪খন আসন দখল কৰিছে বিজেপি মিত্ৰজোঁটে। কামৰূপ জিলাৰ ১৪টা ৰাভা হাছং পৰিষদীয় সমষ্টিত বৃহৎ জয় সাব্যস্ত কৰা প্ৰাৰ্থী সমূহ ক্ৰমে-
বকো সমষ্টিৰ যৌথ মঞ্চৰ প্ৰাৰ্থী সুমিত ৰাভাৰ জয়লাভ।
জোঙাখুলি সমষ্টিৰ যৌথ মঞ্চৰ প্ৰাৰ্থী অৰ্জুন চেত্ৰীৰ জয়লাভ ।
বামুনীগাও সমষ্টিৰ বিজেপি প্ৰাৰ্থী অজিত ৰাভাৰ জয়লাভ ।
বন্দাপাৰা সমষ্টিত বিজেপি প্ৰাৰ্থী মেঘালী ৰাভা জয়লাভ ।
লুকী সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী ৰেলিন্না জে. মাৰাকৰ জয়লাভ ।
উত্তৰ বনগাওঁ সমষ্টিৰ যৌথ মঞ্চৰ প্ৰাৰ্থী আদিত্য ৰাভাৰ জয়লাভ ।
জাৰিহাট সমষ্টিত যৌথ মঞ্চৰ প্ৰাৰ্থী অশোক কুমাৰ ৰাভাৰ জয়লাভ ।
পান্টান সমষ্টিৰ যৌথ মঞ্চৰ প্ৰাৰ্থী ৰমাকান্ত ৰাভাৰ জয়লাভ ।
গোবৰ্ধন সমষ্টিৰ যৌথ মঞ্চৰ প্ৰাৰ্থী জ্যোতিষ চন্দ্ৰ ৰাভাৰ জয়লাভ ।
ৰানী সমষ্টিৰ যৌথ মঞ্চৰ প্ৰাৰ্থী পুষ্পাঞ্জলি কুমাৰী বড়োৰ জয়লাভ ।
শিলপোটা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কমলেশ্বৰ ৰাভাৰ জয়লাভ ।
দক্ষিন বনগাওঁ সমষ্টিৰ যৌথ মঞ্চৰ মিনতি ৰাভা জয়লাভ ।
চান্দডুবি সমষ্টিৰ যৌথ মঞ্চৰ নৃপেন চন্দ্ৰ ৰাভাৰ জয়লাভ ।
কুলচি সমষ্টিৰ যৌথ মঞ্চ ৰশ্মি মালা ৰাভাৰ জয়লাভ ।
উল্লেখযোগ্য যে, পৰিষদখনৰ নিৰ্বাচনক লৈ আত্মবিশ্বাসী মুখ্য কাৰ্যবাহী টংকেশ্বৰ ৰাভা। নিৰ্বাচন সন্দৰ্ভত তেওঁ কয়, নিৰ্বাচন অনুষ্ঠিত হোৱা ৩৩ টা সমষ্টিৰ ভিতৰত ৩২ টা সমষ্টিতে ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ী হ’ব। কেৱল এটা বা দুটা সমষ্টিতহে তেওঁলোকৰ প্ৰাৰ্থী কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব। বাকী আটাইকেইটা সমষ্টিতে অনায়াসে তেওঁলোকৰ প্ৰাৰ্থী জয়ী হ’ব।