/asomiyapratidin/media/media_files/2025/04/02/mHATlPCZ2MIgTCPEJx1N.jpg)
ডিজিটেল সংবাদ,দুধনৈ: এখন সুস্থ,নিকা আৰু শক্তিশালী ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদ গঠনৰ বাবে আজি পুৱা ছয় বজাৰ পৰা ব্যাপক উছাহ উদ্দীপনাৰে ভোটাৰ ৰাইজ ভোট কেন্দ্ৰ সমূহত গৈ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবৰ বাবে শাৰী পতা পৰিলক্ষিত হয়। ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ ৩৬টা পৰিষদীয় সমষ্টিৰ ৩৩ টা সমষ্টিত আজি ভোটগ্ৰহণ অনুষ্ঠিত হয়।
ইয়াৰে গোৱালপাৰা জিলাত ১৯ টা আৰু কামৰূপ জিলাত ১৪ টা । মুঠ ৫৭১ টা ভোট কেন্দ্ৰৰ গোৱালপাৰাৰ ৩৬২ টা আৰু কামৰূপৰ ২০৯ টা ভোট গ্ৰহণ কেন্দ্ৰত মুঠ ৪,১২,৬৮৩ গৰাকী ভোটাৰে ৯৬ গৰাকী প্ৰাৰ্থীৰ ভাগ্য বন্দী কৰে বেলট বাকচত। পুৱা ৭ বজাৰ পৰা আবেলি ৩ বজালৈ শান্তিপূৰ্ণ ভাবে অনুষ্ঠিত হয় ভোট গ্ৰহণ।
গোৱালপাৰাত ৬৯.০৮ শতাংশ ভোট দান হয় । উল্লেখ্য যে, গোৱালপাৰা জিলাৰ ২০ নং জয়ৰামকুছী সমষ্টিত বিজেপিৰ প্ৰাৰ্থী প্ৰেমাজলী ৰাভা বিনা প্ৰতিদ্বন্দিতাৰে জয়লাভ কৰে। আনহাতে কামৰূপ জিলাৰ ২৩ নং খলিহাকোঠ সমষ্টিৰ পৰা ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী নগৰমল স্বৰ্গীয়াৰী আৰু ২৫ নং হাহিম সমষ্টিৰ পৰা যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী সোণাৰাম ৰাভা বিনা প্ৰতিদ্বন্দিতাৰে বিজয়ী হৈছে।
গোৱালপাৰা জিলাৰ জয়ৰামকুচি সমষ্টিত বিজেপিৰ প্ৰাৰ্থী প্ৰেমাজলী ৰাভাৰ বাহিৰে কোনো প্ৰাৰ্থী মনোনয়ন পত্ৰ দাখিল নকৰাত প্ৰেমাজলী ৰাভা বিনাপ্ৰতিদ্বন্দিতাৰে বিজয়ী হয়। আনহাতে খলিহাকোঠ আৰু হাহিম সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰাত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী দুগৰাকী বিনাপ্ৰতিদ্বন্দিতাৰে বিজয়ী হয় ।
গোৱালপাৰা জিলাৰ ১৯ টা পৰিষদীয় সমষ্টিত ৫২ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়ায়। সেই সকলৰ ভিতৰত ১৭ গৰাকী ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী, ২ গৰাকী বিজেপি, ১৭ গৰাকী কংগ্ৰেছ, ৭ গৰাকী ভি পি আই আৰু ১০ গৰাকী নিৰ্দলীয় প্ৰাৰ্থী । ভোট গ্ৰহণ প্ৰক্ৰিয়া বেলট কাকতৰ জৰিয়তে সম্পন্ন হয় ।
ইপিনে ভাৰতীয় জাতীয় কংগ্ৰেছৰ অসমৰ দায়িত্বত থকা সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে দুদিন পূৰ্বে গুৱাহাটীত আহি ৰাভা হাছঙৰ নিৰ্বাচন থলুৱাৰ নিৰ্বাচন সেয়ে আমি গুৰুত্ব দিয়া নাই বুলি কৰা মন্তব্যৰ সন্দৰ্ভত টংকেশ্বৰ ৰাভাই কয়,বৃহৎ ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ নেতাই ৰাভা হাছঙৰ নিৰ্বাচনক থলুৱাৰ নিৰ্বাচন,সৰু নিৰ্বাচন বুলি কৈ ভূমি পূত্ৰ তথা খিলঞ্জীয়া লোক সকলক উপলুঙা কৰিছে । এয়া দুৰ্ভাগ্য জনক ।
তেওঁ লগতে কয়, যদি থলুৱাৰ নিৰ্বাচনৰ গুৰুত্ব নাই, তেনেহ'লে কংগ্ৰেছ দলে নিৰ্বাচনে খেলিব নালাগিছিল।ইপিনে আজি ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে গোৱালপাৰা জিলাৰ ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদ এলেকাধীন অঞ্চলত চৰকাৰী, বেচৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান, ব্যৱসায়িক প্ৰতিষ্ঠান, বিত্তীয় প্ৰতিষ্ঠান, চাহ বাগিছা আদি গোৱালপাৰা জিলা প্ৰশাসনৰ দ্বাৰা ঘোষণা কৰা অনুসৰি বন্ধ থাকে।