দিল্লীত অসম এচ'ছিয়েশ্যনৰ উদ্যোগত ৰাভা দিৱসৰ প্ৰস্তুতি

১৪ আৰু ১৫ জুনত অনুষ্ঠিত কৰা কৰ্মশালাখনত প্ৰশিক্ষক হিচাপে উপস্থিত থাকি গীতৰ প্ৰশিক্ষণ প্ৰদান কৰে শিল্পী বিনোদ ভৰদ্বাজে। ২০ জুনত অসম এচ'ছিয়েশ্যন দিল্লীৰ উদ্যোগত ৰাভা দিৱসৰ বিশেষ কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব।

author-image
Asomiya Pratidin
New Update
 ৰাভা দিৱসৰ প্ৰস্তুতি

ৰাভা দিৱসৰ প্ৰস্তুতি

ডিজিটেল সংবাদ, দিল্লীঃ দিল্লীত থকা অসমীয়া শিক্ষাৰ্থী সকলক কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ বিষয়ে সম্যক জ্ঞান দিয়াৰ লক্ষ্যৰে অসম এচ'ছিয়েশ্যন দিল্লীৰ উদ্যোগত দুদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে ৰাভা সংগীতৰ কৰ্মশালা। এই কৰ্মশালাত অংশগ্ৰহণ কৰে কেইবাগৰাকীও শিক্ষাৰ্থীয়ে।

১৪ আৰু ১৫ জুনত অনুষ্ঠিত কৰা কৰ্মশালাখনত প্ৰশিক্ষক হিচাপে উপস্থিত থাকি গীতৰ প্ৰশিক্ষণ প্ৰদান কৰে শিল্পী বিনোদ ভৰদ্বাজে। উল্লেখ্য যে, ২০ জুনত অসম এচ'ছিয়েশ্যন দিল্লীৰ উদ্যোগত ৰাভা দিৱসৰ বিশেষ কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব।

বিষ্ণু ৰাভা দিৱস বিষ্ণুপ্ৰসাদ ৰাভা দিল্লী