/asomiyapratidin/media/media_files/2025/06/26/rabha-26-2025-06-26-21-38-44.jpg)
ডিজিটেল সংবাদ বাক্সাঃ ২০১৩ চনৰ পৰাই ৰাভা হাচং স্বায়ত্ব পৰিষদৰ বাহিৰত থকা ৩.৫ লাখ ৰাভা জনগোষ্ঠীৰ লোকক উন্নয়ন পৰিষদ দিয়াৰ দাবী উত্থাপন হৈ আহিছিল। এই দাবীৰ প্ৰতি সহাৰি জনাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত সিঁচৰতি হৈ থকা ৰাভা জনগোষ্ঠীয় লোকসকলক স্বায়ত্ব শাসন প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে।
মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পিছতে উৎফুল্লিত হৈ পৰিছে ৰাভা জনগোষ্ঠীয় লোকসকলক। আজি বাক্সাৰ বৰমাত বাক্সা জিলা ৰাভা উন্নয়ন পৰিষদ দাবী সমিতিয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুক এই ঘোষণাৰ বাবে তেওঁক ধন্যবাদ জ্ঞাপন কৰিছে।
ৰাভা উন্নয়ন পৰিষদ দাবী সমিতিৰ অধ্যক্ষ, উপাধ্যক্ষকে ধৰি আন আন বিষয়ববীয়াসকলক এই সংবাদ মেলৰ জৰিয়তেই ৰাজ্যৰ আটাইকেইখ জিলা সমিতিক সামৰি পৰিষদ গঠন কৰাৰ আহ্বান জনাইছে বাক্সা জিলা ৰাভা উন্নয়ন পৰিষদ দাবী সমিতিয়ে।
সংবাদমেলত বাক্সা জিলা ৰাভা উন্নয়ন পৰিষদ দাবী সমিতিৰ প্ৰতিস্থাপক সভাপতি তুলসী মানস ৰাভা, উপ সভাপতি পংকজ ৰাভা,বাক্সা জিলা ৰাভা উন্নয়ন পৰিষদ দাবী সমিতি,বৰমা আঞ্চলিক ৰাভা সাহিত্য সভাৰ সম্পাদক নিৰেন ৰাভাকে ধৰি কেইবাগৰাকী নেতৃত্ব উপস্থিত থাকে।