/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/28587051-997d-4018-8d55-46742d325690/7.jpg)
ডিজিটেল সংবাদ, বিহালীঃ পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালীৰ 'সাহিত্য চ'ৰা, অসমীয়া বিভাগ'ৰ উদ্যোগত বৃহস্পতিবাৰে মহাবিদ্যালয়ত 'বিষ্ণু ৰাভা দিৱস' উদযাপন কৰা হয়। দিনৰ ৯:৪৫ বজাৰ পৰা অনুষ্ঠিত অনুষ্ঠানটিৰ কাৰ্যসূচীৰ আৰম্ভণিতে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দেৱজিৎ বৰুৱাই বিষ্ণু ৰাভাৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰাৰ লগতে আদৰণি ভাষণ প্ৰদান কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/afa1ba26-45da-445b-9936-c93b45d5233b/012adf38-3ca6-446a-9897-7d6d31c00741.jpg)
অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক তথা 'সাহিত্য চ'ৰা'ৰ সম্পাদক ড° বিশ্ব হাজৰিকাই আঁত ধৰা অনুষ্ঠানটোত বিষ্ণু ৰাভা সম্পৰ্কে বিভিন্ন দিশ সামৰি বক্তৃতা আগবঢ়ায় অসমীয়া বিভাগৰ বিভাগীয় মুৰব্বী তথা 'সাহিত্য চ'ৰা'ৰ সভাপতি পৰিণীতা বৰাই। অনুষ্ঠানটিত মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড০ ছফিকুল ইছলাম ভূঞা আৰু ৰাজনীতি বিজ্ঞান বিভাগৰ বিভাগীয় প্ৰধান পাপৰি হাজৰিকাই বিষ্ণু ৰাভাৰ সম্পৰ্কত সাৰুৱা বক্তব্য প্ৰদান কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/ba8aad6e-dedb-49a1-a081-31979c228f4e/b6a5f15a-dbbc-4e7b-b9b0-bd74c42b7afb.jpg)
মহাবিদ্যালয়ৰ দ্বাদশ বৰ্ষৰ ছাত্ৰী পাপৰি বৰুৱাই এটি ৰাভা সংগীত পৰিবেশন কৰে। অনুষ্ঠানটিত মহাবিদ্যালয়ৰ শিক্ষক, কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ উপস্থিতিয়ে সৌষ্ঠৱ বৃদ্ধি কৰে।
উল্লেখযোগ্য যে 'সাহিত্য চ'ৰা, অসমীয়া বিভাগ'ৰ উদ্যোগত 'বিষ্ণু ৰাভা দিৱস' উদযাপনৰ লগত সংগতি ৰাখি উচ্চতৰ মাধ্যমিকৰপৰা স্নাতক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে "বিষ্ণুৰাভাৰ সৃষ্টি- কৃষ্টিৰ আভা" শীৰ্ষক এখনি ৰাজ্যিকভিত্তিক প্ৰবন্ধ প্ৰতিযোগিতাৰো আয়োজন কৰা হয়।
Also Read: বন্যহস্তীৰ সন্ত্ৰাস সমাধানৰ দাবীত নগাঁৱত ধৰ্মঘট...