Advertisment

চতিয়াৰ চেঙামাৰীত কেন্দ্ৰীয় ৰাস মহোৎসৱ উদযাপন

ৰাস মহোৎসৱ উদযাপন সমিতিয়ে বিগত বৰ্ষসমূহৰ পৰাই অঞ্চলটোৰ বিভিন্ন ভাষা-ভাষিক ৰাইজৰ মাজত ভগৱান শ্ৰীকৃষ্ণৰ ৰাস ক্ৰীড়া অনুষ্ঠানৰ জৰিয়তে সমন্বয় ও ভাতৃত্ববোধ জগাই তোলাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷

author-image
Asomiya Pratidin
New Update
jamu

ডিজিটেল সংবাদ, জামুগুৰিহাট : চতিয়াৰ এন চি চেঙামাৰী খেলপথাৰত ৩০ সংখ্যক পূৱ নাগশংকৰ কেন্দ্ৰীয় সাৰ্ব্বজনীন ৰাস মহোৎসৱ উদযাপন কৰা হয় ৷ ৰাস মহোৎসৱ উদযাপন সমিতিয়ে বিগত বৰ্ষসমূহৰ পৰাই অঞ্চলটোৰ বিভিন্ন ভাষা-ভাষিক ৰাইজৰ মাজত ভগৱান শ্ৰীকৃষ্ণৰ ৰাস ক্ৰীড়া অনুষ্ঠানৰ জৰিয়তে সমন্বয় ও ভাতৃত্ববোধ জগাই তোলাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷  

Advertisment

এইবাৰ পূৱ নাগশংকৰ কেন্দ্ৰীয় ৰাস মহোৎসৱ ভাগ ৩০ সংখ্যক বৰ্ষ হিচাপে বৃন্দাবন সদৃশ পৰিবেশত আটকধুনীয়া আলোক সজ্জাৰে জাকত জিলিকাকৈ উদযাপন আয়োজন কৰে ৷  দুদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে আয়োজিত ৰাস মহোৎসৱৰ মুখ্য তোৰণ উন্মোচন কৰে যুৱ লেখ সাহিত্যিক তথা আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি লক্ষীকান্ত বৰাই ৷ 

আনহাতে ৰাসথলীত মৃন্ময় মুৰ্ত্তিসমূহৰে আকৰ্ষণীয়ভাৱে সজাই-পৰাই গঢ়ি তোলা এক বৃহৎ প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন কৰে জিলা পৰিষদৰ প্ৰাক্তন সদস্য হিতেশ বৰুৱাই ৷ বৃহস্পতিবাৰে সন্ধিয়া “শ্ৰীকৃষ্ণৰ শিশু লীলা নাট আৰু মহা ৰাস” শুভ উদ্বোধন কৰে শিখ ধৰ্ম্ম প্ৰচাৰক বিশিষ্ট সমাজকৰ্মী জচবীৰ সিঙে ৷ 

এই ৰাস ভাওনাত জনপ্ৰিয় অভিনেত্ৰী তৃপ্তিৰাণী কোঁচে ৰাধাৰ ভাৱত অভিনয় কৰে। তেওঁৰ এই অভিনয়ে ধৰ্ম্মপ্ৰাণ ৰাইজৰ মন জয় কৰে ৷ পূৱ নাগশংকৰ কেন্দ্ৰীয়  সাৰ্ব্বজনীন ৰাস মহোৎসৱ উদযাপন সমিতিৰ বিষয়ববীয়া তথা সদস্যসকলে ভাওনাত উপস্থিত সকলো শ্ৰেণীৰ ৰাইজৰ প্ৰতি ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰে ৷

জামুগুৰিহাট ৰাস