/asomiyapratidin/media/media_files/2024/11/15/LkrmjMUk4sjt1kSx0XNE.jpg)
ডিজিটেল সংবাদ, ওৰাং : আজি সন্ধিয়া কৃষ্ণ বন্দনাৰে মুখৰ হৈ পৰিব সমগ্ৰ ৰাজ্য। শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলাক কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্যতে এতিয়া দেখা গৈছে ব্যাপক উচাহ আৰু উদ্দীপনা।
ব্যতিক্ৰম নহয় ওৰাঙৰ গেজঙাগুৰী আমতল ভেৰগাঁৱৰ ঐতিহ্যমণ্ডিত মহামুনি মন্দিৰ। এইবেলি উদযাপন সমিতিয়ে বৰ্ণময় কাৰ্য্যক্ৰমণিকাৰে দুদিনীয়াকৈ কেৱল মহিলাৰ দ্বাৰা আয়োজন কৰিছে মহাৰাস।
মহাৰাসৰ প্ৰথমটো দিনত নেপালী, আদিবাসী, কোচ- ৰাজবংশী, বড়োকে আদি কৰি বিভিন্ন সম্প্ৰদায়ৰ প্ৰায় ৩০০ গৰাকী গোপিনী আৰু পাছ সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজৰ অংশগ্ৰহণেৰে উদযাপন কৰা হ’ব ৰাস মহোৎসৱ।
খোল-তাল, বাঁহীৰ সুৰত দ্বিতীয় বৈকুণ্ঠলৈ পৰ্যবসিত হ’ব গেজেঙাগুৰি আমতল ভেৰগাঁৱৰ ঐতিহাসিক মহামুনি মন্দিৰৰ ৰাসৰ বাকৰি।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us