/asomiyapratidin/media/media_files/2025/01/23/0JPijfBQnE6rmlTqugbo.jpg)
ডিজিটেল ডেস্কঃ ভাৰতীয় সেনাত ভুৱা নথিপত্রৰ মাধ্যমেৰে পাকিস্তানী গুপ্তচৰ নিযুক্তিৰ ঘটনা প্ৰকাশৰ পাছতে দেশজুৰি চৰ্চা লাভ কৰিছিল বিষয়টোৱে । ভাৰতৰ নিৰাপত্তাৰ ক্ষেত্ৰত ভাবুকি আনিব পৰা বিষয়টোৱে চৰ্চা লাভৰ পাছতেই কলকাতা উচ্চ ন্যায়ালয়ে চিবিআই তদন্তৰ নিৰ্দেশ দিছিল। কিন্তু এতিয়া, এই ঘটনাৰ সৈতে জড়িত চিবিআইৰ তদন্তকাৰী অধিকাৰীসকলৰ ওপৰত ঘোচ লোৱা আৰু গুৰুত্বপূর্ণ ঘটনাটোক লুকাই ৰখাৰ অভিযোগ উত্থাপন হৈছে ।
মঙলবাৰে, আবেদনকাৰী বিষ্ণু চৌধৰীয়ে কলকাতা আদালতত অভিযোগ কৰিছিল যে চিবিআইৰ ইন্সপেক্টৰ ৰেংকৰ এগৰাকী অধিকাৰীয়ে মূল অভিযুক্তৰ পৰা তিনি লাখ টকা ঘোচ লৈ তদন্তক সলনি কৰাৰ চেষ্টা কৰিছে। এই গোচৰত অভিযুক্ত মহেশ চৌধুৰীৰ নাম উল্লেখ কৰা হৈছে। মহেশ চৌধুৰীয়েই ভুৱা বাসস্থানৰ প্ৰমাণ পত্ৰ দিয়া বুলি আদালতত অভিযোগ উত্থাপন কৰে বিষ্ণু চৌধৰীয়ে ।
বিষ্ণু চৌধুৰীয়ে আদালতত এই অভিযোগো তুলিছিল যে, এই ঘটনাৰ প্ৰকাশ কৰাৰ পাছত তেওঁ নিয়মিত মৃত্যুৰ ধমকিৰ সন্মুখীন হৈছে আৰু যিকোনো সময়তে তেওঁক হত্যা কৰিব পাৰে ।
আদালতে সকলো অভিযোগ শুনাৰ পিছত বিচাৰপতি তীৰ্থংকৰ ঘোষে চিবিআইক তদন্তৰ অগ্ৰগতিৰ ওপৰত প্ৰতিবেদন দাখিল কৰাৰ নিৰ্দেশ দিছে। লগতে মোগৰা থানাক বিষ্ণু চৌধৰীৰ সুৰক্ষা নিশ্চিত কৰাৰো আদেশ দিছে। এই ঘটনাৰ পৰৱৰ্তী শুনানি ২১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব।