/asomiyapratidin/media/media_files/2025/02/21/EM1AgKy5WOKDreqUMv90.jpg)
ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰলৈ নাহিল ৰসায়ন বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত
ডিজিটেল সংবাদ, ঢকুৱাখনা : পুনৰ চর্চালৈ আহিছে ৰাজ্যখনত অনুষ্ঠিত হৈ থকা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা। শুক্ৰবাৰে অনুষ্ঠিত হোৱা ৰসায়ন বিজ্ঞান বিষয়ৰ পৰীক্ষাত এইবাৰ প্ৰশ্নকাকত নাহিল ঢকুৱাখনাৰ এটা পৰীক্ষা কেন্দ্ৰলৈ ।
পৰীক্ষা কেন্দ্ৰটো হৈছে ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰ । এই কেন্দ্ৰটোত বিজ্ঞান শাখাত অৱতীৰ্ণ হৈছিল মুঠ ২০৭ গৰাকী শিক্ষাৰ্থী । যথা সময়ত কেন্দ্ৰটোত পৰীক্ষা আৰম্ভ হোৱাৰ সময়তে লাগিল হুৱা দুৱা ।
পৰীক্ষা কেন্দ্ৰলৈ প্ৰশ্নকাকতৰ টোপোলাত নাহিল ৰসায়ন বিজ্ঞান বিষয়ৰ প্ৰশ্ন কাকত । জানিব পৰা মতে পৰীক্ষাৰ নিৰ্দিষ্ট সময়ত পৰীক্ষা কেন্দ্ৰৰ ইনচাৰ্জে প্ৰশ্ন কাকত আনি দেখে যে কাকতৰ টোপোলাত নাই উক্ত বিষয়টোৰ প্ৰশ্নকাকত । বিষয়টো লৈ ভিতৰি প্ৰবল প্ৰতিক্ৰিয়া হোৱাৰ পাছতে যোগাযোগ কৰে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সৈতে ।
ইয়াৰ পাছতে সংসদৰ পৰা মেইলযোগে প্ৰশ্নকাকত বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰলৈ প্ৰেৰণ কৰে। পৰৱৰ্তী সময়ত বিদ্যালয়ৰ লগতে ঢকুৱাখনা মহাবিদ্যালয়ত প্ৰশ্নকাকত প্ৰিন্ট কৰি প্ৰায় ২৫ মিনিট সময় পলমকৈ কাকত বিতৰণ কৰে আৰু নিৰ্ধাৰিত সময়তকৈ অতিৰিক্ত সময় বঢ়াই দি পৰীক্ষা অনুষ্ঠিত কৰে বুলি জানিব পৰা গৈছে।
ইফালে স্পৰ্শকাতৰ বিষয়টো অৱগত হৈ ঢকুৱাখনালৈ ঢাপলি মেলে লখিমপুৰ জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শক হেম চন্দ্ৰ শইকীয়া ।