ছেনেগালৰ হাতত ধৰাশায়ী হৈ বিশ্বকাপৰ পৰা বিদায় আয়োজক কাটাৰ...

ছেনেগালে এই পৰ্যন্ত দুখন মেচৰ এখনত জয়লাভ কৰি গ্ৰুপ তালিকাৰ তৃতীয় স্থানত থাকে

author-image
Asomiya Pratidin
New Update
ছেনেগালৰ হাতত ধৰাশায়ী হৈ বিশ্বকাপৰ পৰা বিদায় আয়োজক কাটাৰ...

বিশ্বকাপৰ পৰা বিদায় আয়োজক কাটাৰ

ডিজিটেল ডেস্কঃ মৰুৰ দেশ কাটাৰত অনুষ্ঠিত হৈছে ফুটবল বিশ্বকাপ। শুকুৰবাৰে অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ মেচত ছেনেগালৰ বিপক্ষে অংশগ্ৰহন কৰিছিল আয়োজক দেশ কাটাৰে।

Advertisment

কিন্তু গুৰুত্বপূৰ্ণ খেলখনত আয়োজক দেশখনে ছেনেগালৰ হাতত শোচেনীয়ভাৱে পৰাজয়বৰণ কৰে। এই পৰাজয়ে বিদায় নিশ্চিত কৰে বিশ্বকাপ আয়োজক দেশখনৰ।আনহাতে কালি অনুষ্ঠিত মেচখনত কাটাৰক পৰাজিত কৰি ছেনেগালে বিশ্বকাপ অভিযানৰ আশা সজীৱ কৰি ৰাখে।

উল্লেখ্য যে, কাটাৰে গ্ৰুপ পৰ্যায়ৰ দুয়োখন মেচতে পৰাজিত হৈ বিশ্বকাপৰ পৰা বিদায় মগাৰ বিপৰিতে ছেনেগালে এই পৰ্যন্ত দুখন মেচৰ এখনত জয়লাভ কৰি গ্ৰুপ তালিকাৰ তৃতীয় স্থানত থাকে।

আৰু পঢ়কঃ ধুবুৰীত গুৰু তেগবাহাদুৰৰ ৩৪৭ সংখ্যক ছহীদ দিৱস...

qatar fifa world cup qatar world cup