Advertisment

মোডী মোৰ পৰম বন্ধুঃ ভ্লাদিমিৰ পুটিন

১৯ ডিচেম্বৰত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে সম্বোধন কৰিছিল বাৰ্ষিক সংবাদমেল। এই সংবাদমেলতে তেওঁ মোডী সন্দৰ্ভত এই মন্তব্য কৰে। উল্লেখযোগ্য যে, সংবাদমেল খনত পুটিনে ৰাছিয়াৰ অৰ্থনৈতিক অৱস্থা, বৈদেশিক নীতি, ইউক্ৰেইনৰ বিৰুদ্ধে চলি থকা যুদ্ধ সন্দৰ্ভতো কিছু কথা কয়।

author-image
Asomiya Pratidin
New Update
u

ডিজিটেল ডেস্কঃ  "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী মোৰ পৰম বন্ধু। এচিয়াত মোৰ বহু বন্ধু আছে, তাৰ ভিতৰত মোডী অন্যতম। তেওঁৰ সৈতে মোৰ সম্পৰ্ক দীৰ্ঘদিনীয়া। ভাৰত-ৰাছিয়াৰ সম্পৰ্ক অতি শক্তিশালী"- এইদৰে প্ৰধানমন্ত্ৰী মোডীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিল ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন।

Advertisment

১৯ ডিচেম্বৰত ৰাষ্ট্ৰপতি পুটিনে সম্বোধন কৰিছিল বাৰ্ষিক সংবাদমেল। এই সংবাদমেলতে তেওঁ মোডী সন্দৰ্ভত এই মন্তব্য কৰে। উল্লেখযোগ্য যে, সংবাদমেল খনত পুটিনে ৰাছিয়াৰ অৰ্থনৈতিক অৱস্থা, বৈদেশিক নীতি, ইউক্ৰেইনৰ বিৰুদ্ধে চলি থকা যুদ্ধ সন্দৰ্ভতো কিছু কথা কয়।

তেওঁ ইউক্ৰেইন সন্দৰ্ভত কয় যে, আমি আলোচনা আৰু আপোচৰ বাবে সাজু। কিন্তু ইয়াৰ বাবে আনটো পক্ষয়ো সাজু হোৱাতো প্ৰয়োজন। ৰাছিয়াৰ পৰিস্থিতি স্বাভাৱিক আৰু সুস্থিৰ বুলি উল্লেখ কৰি তেওঁ স্বীকাৰ কৰে সমগ্ৰ বিশ্বৰ বাবে মুদ্ৰাস্ফিতিয়ে এক অশনি সংকেত কঢ়িয়াই আনিছে।

ব্ৰিকছ সন্মিলনত ভাৰত বিদেশ মন্ত্ৰী এছ জয়শংকৰে দিয়া মন্তব্য়ৰ সমৰ্থন কৰিতেওঁ কয়, ব্ৰিকছ  কেতিয়াও পশ্চিমীয়া বিৰোধী নহয়। আমেৰিকাৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প সন্দৰ্ভত ৰাছিয়াৰ ৰাষ্ট্ৰপতি গৰাকীয়ে কয়, আমি কেতিয়া লগ হম নাজানো কিন্তু তেওঁক লগ পাবলৈ মই সাজু আছো।

 

ভ্লাদিমিৰ পুটিন