ট্ৰাম্প আৰু পুটিনৰ মাজত ফোনত কথা-বতৰা, ৩০ দিনৰ বাবে ইউক্ৰেইণৰ ওপৰত আক্ৰমণ স্থগিত

৩০ দিনৰ বাবে ইউক্ৰেইণৰ ওপৰত আক্ৰমণ স্থগিত ৰখাৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰস্তাৱত সন্মতি প্ৰকাশ কৰিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে। মঙলবাৰে ক্ৰেমলিনে নিশ্চিত কৰিছে। পুটিনে ৰাছিয়াৰ সেনাবাহিনীক এই বিৰতি কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিছে

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
পুটিনৰ সৈতে আলোচনা কৰিবলৈ সাজু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি…

৩০ দিনৰ বাবে ইউক্ৰেণইৰ ওপৰত আক্ৰমণ স্থগিত

 ডিজিটেল ডেস্ক: ৩০ দিনৰ বাবে ইউক্ৰেইণৰ ওপৰত আক্ৰমণ স্থগিত ৰখাৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰস্তাৱত সন্মতি প্ৰকাশ কৰিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে। মঙলবাৰে ক্ৰেমলিনে নিশ্চিত কৰিছে । খবৰ অনুসৰি পুটিনে ৰাছিয়াৰ সেনাবাহিনীক এই বিৰতি কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিছে, যিয়ে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা সংঘাতৰ এক উল্লেখযোগ্য পদক্ষেপ হিচাপে চিহ্নিত কৰিছে। যোৱা সপ্তাহত ছৌদি আৰৱত আমেৰিকাৰ নেতৃত্বত চলি থকা আলোচনাৰ সময়ত ইউক্ৰেইনৰ বিষয়াসকলে এই কথাত সন্মতি প্ৰকাশ কৰিছিল। এই কথা-বতৰাৰ নেতৃত্ব দিয়ে বৈদেশিক মন্ত্ৰী মাৰ্কো ৰুবিঅ’ই। পুটিনৰ সৈতে হোৱা ফোন কলৰ পূৰ্বে ট্ৰাম্পে ইংগিত দিছিল যে ভূখণ্ড নিয়ন্ত্ৰণ আৰু পাৰমাণৱিক শক্তি কেন্দ্ৰৰ দৰে মূল আন্তঃগাঁথনি এই আলোচনাৰ অংশ হ’ব। ৰাছিয়া-ইউক্ৰেইন যুদ্ধ বন্ধ কৰিবলৈ চেষ্টা চলাই থকা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে অহৰহ কথা পাতিছিল। মঙলবাৰৰ পৰা (১৮ মাৰ্চ, ২০২৫) পুনৰ এই বিষয়ত কথা-বতৰা আৰম্ভ হৈছিল আৰু প্ৰায় ২ ঘণ্টা ধৰি চলিছিল। এই সময়চোৱাত যুদ্ধবিৰতি চুক্তিৰ লগতে অন্যান্য বিষয়ৰ ওপৰতো আলোচনা কৰা হয়। 

Advertisment

 হোৱাইট হাউছৰ ডেপুটি চিফ অৱ ষ্টাফ ডেন স্কাভিনোৱে  টুইট কৰি কয় যে, "ৰাষ্ট্ৰপতি ট্ৰাম্পে বৰ্তমান ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে পুৱা ১০ বজাৰ পৰা কথা পাতি আছে। কথা-বতৰা ভালদৰে চলি আছে।" তিনি বছৰ ধৰি চলি থকা সংঘাতৰ অন্ত পেলাবলৈ এই কথা-বতৰা চলি আছে। ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত হোৱা যুদ্ধই লাখ লাখ লোকৰ প্ৰাণ হেৰুৱাইছে, ইউক্ৰেইনৰ বহু অংশ ধ্বংসস্তূপত পৰিণত হৈছে।

russia russia ukraine war putin valadimir putin