শেষকৃত্য সম্পন্ন কৰিবলৈ গৈ সন্ধানহীন হোৱা পুষ্পৰ মৃতদেহ উদ্ধাৰঃ মৃতদেহ উদ্ধাৰ নহওতেই পাতিছিল আদ্যশ্ৰাদ্ধ...

author-image
Asomiya Pratidin
New Update
শেষকৃত্য সম্পন্ন কৰিবলৈ গৈ সন্ধানহীন হোৱা পুষ্পৰ মৃতদেহ উদ্ধাৰঃ মৃতদেহ উদ্ধাৰ নহওতেই পাতিছিল আদ্যশ্ৰাদ্ধ...

puspa roy

ডিজিটেল সংবাদ কোকৰাঝাৰঃ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পিছফালে থকা গৌৰাং নদীৰ পাৰত এজন যুৱকৰ শেষকৃত্য সম্পন্ন কৰিবলৈ গৈ যোৱা ২৬ ছেপ্টেম্বৰত গৌৰাং নদীত সন্ধানহীন হোৱা বালাগাঁওৰ পুষ্প ৰায়(৪৯)ৰ মৃতদেহ আজি উদ্ধাৰ কৰা হয়। সম্পূৰ্ণ ১৫ দিনৰ মূৰত উদ্ধাৰ হোৱা মৃতদেহটো অৰ্ধগলিত অৱস্থাত উদ্ধাৰ কৰা হৈছে।

উল্লেখ্য যে, ২৬ ছেপ্টেম্বৰৰ দিনাখন বালাগাঁও প্ৰথম খণ্ডৰ গোৱিন্দ ৰায়(৩২) নামৰ এজন যুৱক হঠাতে মৃত্যুমুখত পৰিছিল আৰু তেওঁক শেষকৃত্য সম্পন্নৰ বাবে পুষ্প ৰায় সহিতে ভালেসংখ্যক লোক গৌৰাং নদীৰ পাৰত জমা হৈছিল । শেষকৃত্য সম্পন্ন হোৱাৰ পিছত শেষকৃত্য অনুষ্ঠানত অংশ লোৱা লোকসকলে নিয়মানুসৰি গা ধুবলৈ গৌৰাং নৈৰ পানীত নামে।

এনেদৰে গা ধুবলৈ লওতেই উফন্দি উঠা গৌৰাং নৈৰ কোবাল সোঁতে পুষ্প ৰায়(৪৯) নামৰ লোকগৰাকীক উটুৱাই লৈ যায়। পুষ্প ৰায় নিখোজ হোৱাৰ পিছত এচ ডি আৰ এফে তিনিদিনকৈ উদ্ধাৰৰ বাবে অভিযান চলায় যদিও ব্যৰ্থ হয় ।

অৱশেষত আজি কেইবা কিলোমিটাৰ দূৰৰ মাছুৱাঘাটৰ নিৰ্মিয়মান দলং এখনত মৃতদেহটো লাগি থকা অৱস্থাত আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰে। ইয়াৰ পিছতে অৰ্ধগলিত মৃতদেহটো মৰণোত্তোৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।

প্ৰণিধানযোগ্য যে পুষ্প ৰায় সন্ধানহীন হোৱাৰ ১০ দিন উকলি যোৱাৰ পিছত পৰিয়ালৰ লোকে নিয়মানুসৰি শ্ৰাদ্ধ পাতিছিল আৰু আজি অৰ্থাৎ শ্ৰাদ্ধ সম্পন্ন হোৱাৰ পিছত মৃতদেহ উদ্ধাৰ হোৱাত পুনৰ পৰিয়ালৰ লোকৰ মাজত শোকৰ বন্যা বৈছে ।

puspa roy kokrajhar