Advertisment

হেচাঁ-ঠেলাত মৃত্যু হোৱা মহিলাগৰাকীৰ পৰিয়ালক ২৫লাখ টকা আল্লু অৰ্জুনৰ

শেহতীয়াকৈ মুক্তি লাভ কৰা পুুষ্পা-২য়ে সমগ্ৰ বিশ্বত খলকনি সৃষ্টি কৰিছে। মুক্তিৰ প্ৰথম দিনটোতে প্ৰায় ২৯৪কোটি টকা উপাৰ্জন কৰি অন্য এক অভিলেখ সৃষ্টি কৰিছিল আল্লু অৰ্জুন অভিনীত ছবিখনে। 

author-image
Asomiya Pratidin
New Update
আল্লু অৰ্জুন

ডিজিটেল ডেস্কঃ শেহতীয়াকৈ মুক্তি লাভ কৰা পুুষ্পা-২য়ে সমগ্ৰ বিশ্বত খলকনি সৃষ্টি কৰিছে। মুক্তিৰ প্ৰথম দিনটোতে প্ৰায় ২৯৪কোটি টকা উপাৰ্জন কৰি অন্য এক অভিলেখ সৃষ্টি কৰিছিল আল্লু অৰ্জুন অভিনীত ছবিখনে। 

Advertisment

যোৱা দুটা দিনত ছবিখনৰ সমগ্ৰ বিশ্বৰ বক্স অফিচ কালেকশ্যনে পাৰ কৰিছে ৪০০কোটিৰ দেওনা। ছবিখনে দ্বিতীয় দিনটোত কেৱল ভাৰতত উপাৰ্জন কৰিছে ৯০.১কোটি টকা।  ছবিখনে এতিয়ালৈকে ঘৰুৱা বজাৰৰ পৰা আহৰণ কৰিছে ২৬৫কোটি টকা।

দুদিনৰ উপাৰ্জনেৰেই পুষ্পাই   ছবিক চেৰ পেলাইছে। ৩৯০কোটি টকা উপাৰ্জন কৰা ভুল-ভুলেয়া-৩, ৩৭২কোটি টকা উপাৰ্জন কৰা সিংঘম এগেইন আৰু ৩৯০কোটি টকা উপাৰ্জন কৰা চিম্বা আৰু ৩৭৭কোটি টকা উপাৰ্জন কৰা কবীৰ সিঙক মাত্ৰ দুটা দিনৰ উপাৰ্জনেৰেই চেৰ পেলাইছে পুষ্পাই।

ইফালে পুষ্পাৰ প্ৰিমিয়াৰ শ্ব'ত সংঘটিত হোৱা ভয়ংকৰ হেচাঁ-ঠেলাত মৃত্যু হোৱা মহিলাগৰাকীক লৈ শেহতীয়াকৈ দুখ প্ৰকাশ কৰে অভিনেতা আল্লু অৰ্জুনে। এটা ভিডিঅ মুকলি কৰি অভিনেতা গৰাকীয়ে মহিলাগৰাকীৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰাৰ লগতে ২৫লাখ টকাৰ আৰ্থিক সাহায্যৰ কথা ঘোষণা কৰে। 

লগতে চিকিতসাধীন হৈ থকা দুগৰাকীকো চিকিতসাৰ ব্যয় বহন কৰিব বুলি ঘোষণা কৰে আল্লু অৰ্জুনে। উল্লেখ কৰা প্ৰয়োজন যে, ৫ডিচেম্বৰত সমগ্ৰ বিশ্বত মুকলি হৈছে পুষ্পাৰ দ্বিতীয় সংস্কৰণটি। 

ভাৰত