/asomiyapratidin/media/media_files/2024/12/08/XfeHrY730SWMlqMzsDxt.jpg)
ডিজিটেল ডেস্কঃ ৫ ডিচেম্বৰত মুক্তি লাভ কৰা পুস্পা-২য়ে অব্যাহত ৰাখিছে জয় যাত্ৰা। আল্লু অৰ্জুন আৰু ৰশ্মিকা মন্দনা অভিনীত এই চলচিত্ৰখনে বৰ্তমানলৈ ভংগ কৰিছে বহু চুপাৰহিট চিনেমাৰ ৰেকৰ্ড। মুক্তিৰ পূৰ্বৰে পৰা চৰ্চা চলা এই চলচিত্ৰখন ২০২১ বৰ্ষত মুক্তি লাভ কৰা পুস্পা-১ ৰ দ্বিতীয়টো ভাগ ।
পুস্পা-২ যে ৪ ডিচেম্বৰত অনুষ্ঠিত কৰা প্ৰিমিয়াৰ শ্ব’ত ভাৰতীয় দৰ্শকৰ পৰা উপাৰ্জন কৰিছিল ১০.৬৫ কোটি টকা । ৫ ডিচেম্বৰত ছবিখনে মুক্তি লাভ কৰিয়ে ১৬৪.৫ কোটি টকাৰ ব্যৱসায় কৰিছিল । এই পৰিমাণৰ সৈতে মুক্তিৰ দিনাই সৰ্বাধিক টকা উপাৰ্জন কৰা প্ৰথমখন ভাৰতীয় ছবি হিচাপে পৰিগণিত হৈছিল।
এই ছবিখনৰ হিন্দী সংস্কৰণে বিশেষভাৱে দৰ্শকৰ মাজত তীব্ৰ জনপ্ৰিয়তা লাভ কৰিছে । মাত্ৰ তিনিদিনতে হিন্দী সংস্কৰণৰ পৰা ২০০.৭ কোটি টকা উপাৰ্জন কৰিছে ছবিখনে । প্ৰথম দিনটোত ৭০.৩ কোটি টকা উপাৰ্জন কৰাৰ পিছত দ্বিতীয় দিনটোত ৫৬.৯ কোটি টকা আৰু তৃতীয় দিনত ৭৩.৫ কোটি টকা উপাৰ্জন কৰে ছবিখনৰ হিন্দী সংস্কৰণে ।
ছবিখনে মুক্তিৰ দিনাখনে সৰ্বাধিক উপাৰ্জন কৰা এছ এছ ৰাজামৌলিৰ পৰিচালনাত নিৰ্মিত আৰ আৰৰ অভিলেখো ভংগ কৰিছে । ইয়াৰ উপৰিও হিন্দী ভাষাৰ ক্ষেত্ৰত এই ছবিখনে আটলীৰ পৰিচালনাত নিৰ্মিত জৱানৰ উপাৰ্জনকো চেৰ পেলাইছে ।
বহু প্ৰত্যাশিত ছিকুৱেলখন ৰঙা চন্দনৰ চোৰাং ব্যৱসায়ৰ আধাৰত নিৰ্মাণ কৰা হৈছে । আল্লু অৰ্জুনে পুনৰ পুষ্পা ৰাজৰ চৰিত্ৰত অভিনয় কৰিছে, লগতে ৰশ্মিকা মাণ্ডন্নাই শ্ৰীভাল্লীৰ চৰিত্ৰত আৰু ফাহাধ ফাচিলে ভনৱৰ সিং শ্বেকাৱটৰ চৰিত্ৰত অভিনয় কৰিছে। ছবিখনত জগপতি বাবু, ধনঞ্জয়, ৰাও ৰমেশ, সুনীল, অনসুয়া ভৰদ্বাজৰ দৰে অভিজ্ঞ অভিনেতাও নিজৰ অভিনয় প্ৰতিভা দাঙি ধৰিছে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us