ডিজিটেল ডেস্কঃ আল্লু অৰ্জুন আৰু ৰশ্মিকা মন্দনা অভিনীত পুস্পা ২-দ্য’ ৰুল নামৰ চলচিত্ৰখনে বৰ্তমান সময়ত সামাজিক মাধ্যমত চৰ্চাৰ বিষয় হৈ পৰিছে । মুক্তিৰ পূৰ্বেই ইতিমধ্যে ভংগ কৰিলে বহু চুপাৰহিট চিনেমাৰ ৰেকৰ্ড। ৫ ডিচেম্বৰত মুক্তি লাভ কৰিবলগীয়া চিনেমাখনে টিকটৰ অগ্ৰীম বুকিঙৰ ক্ষেত্ৰত ভংগ কৰিলে সৰ্বকালৰ অভিলেখ ।
মুক্তিৰ পূ্ৰ্বেই বুক মাই শ্ব’ত ১ মিলিয়ন টিকট বিক্ৰী কৰা প্ৰথমখন চিনেমা হিচাপে চিহ্নিত হ’ল পুস্পা-২ দ্য’ ৰুল । ৫ টাকৈ ভাষাত মুক্তি লাভ কৰিব চিনেমাখন । হিন্দীৰ লগতে তামিল, তেলেগু, কানাড়া আৰু মালায়লম ভাষাত মুক্তি লাভ কৰিব চিনেমাখন ।
পুস্পা ২- দ্য’ ৰুলৰ ৰেকৰ্ডত আনন্দ প্ৰকাশ কৰিছে চিনেমাখনৰ লগত জড়িত কলা-কুশলীয়ে । উল্লেখযোগ্য যে বুকিঙৰ ক্ষেত্ৰত চিনেমাখনে কল্কি ২৮৯৮ এডি, বাহুবলী ২-দ্য কনক্লিউজন, কে জি এফ-চেপ্টাৰ ২ ৰ দৰে চিনেমাকো চেৰ পেলাইছে । হায়দৰাবাদ, বেংগালুৰু, মুম্বাই আৰু দিল্লী তথা এন চি আৰ অঞ্চলৰ পৰা সৰ্বাধিক সংখ্যক লোকে অনলাইন মাধ্যমেৰে ইতিমধ্যে টিকট বুক কৰিছে ।
চিনেমাখনে প্ৰথম দিনাৰ প্ৰদৰ্শনীৰ বাবে লাভ কৰা ধনৰ পৰিমাণ হ’ল ৩৬ কোটি ৭৭ লাখ । ইয়াৰ লগতে বৰ্তমান পৰ্যন্ত আগতীয়াকৈ টিকট বিক্ৰী হৈছে ৪২ কোটি ৫০ লাখ ।
আল্লু অৰ্জুন আৰু ৰশ্মিকা মন্দনাৰ লগতে চিনেমাখনত অভিনয় কৰিছে ফাহাদ ফচিল,জগদীশ প্ৰতাপ বন্দাৰী, জগপঠী বাবু, প্ৰকাশ ৰাজৰ দৰে নামী-দামী তাৰকা অভিনেতাই ।