ডিজিটেল সংবাদ,চিলাপথাৰ: সুদীৰ্ঘ দিন সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ এজন বলিষ্ঠ কৰ্মী হিচাপে দপ দপাই থকা চিলাপথাৰৰ পূৰ্ণ বাহাদুৰ ৰানাই পিন্ধিলে গেৰুৱা বসন। ২০১৬ চনত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ (আগছু) মালিনীপুৰ আঞ্চলিক সমিতিৰ সদস্যৰূপে যোগদান কৰা ছাত্ৰ নেতাজনে ২০১৬ চনত মালিনীপুৰ আঞ্চলিক সমিতিৰ সভাপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল।
একেৰাহে আঞ্চলিক আৰু জিলা সমিতিৰ বিভিন্ন বিষয় বাবদ কাৰ্যনিৰ্বাহ কৰাৰ পিছত ২০২২ চনৰ পৰা সৌ জিলা সহকাৰী সাধাৰণ সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰে। প্ৰায় এটা দশকে জনগোষ্ঠীয় সংগঠনটোৰ বিভিন্ন পদবীত কাৰ্যনিৰ্বাহ কৰা ছাত্ৰ নেতা জনে অনগ্ৰসৰ সীমান্তৱৰ্তী মলিনিপুৰ-চিলাপথাৰ পঞ্চায়তৰ শৈক্ষিক,অৰ্থ সামাজিক,ৰাজনৈতিক আদি বিভিন্ন সমস্যাৰ ওপৰত আপোচবিহীন কাৰ্য্যসূচী হাতত লৈছিল।
সংগঠনটোৰ এজন সহজ সৰল আৰু বলিষ্ঠ-কাৰ্যদক্ষ নেতা হিচাপে পৰিচিত যুৱক জনে অৱশেষত আজি আনুষ্ঠানিক ভাৱে গেৰুৱা দলত যোগদান কৰে। আজি বিজেপিৰ চিলাপথাৰ মণ্ডলৰ সভাপতিৰ বাসভৱনত আয়োজিত এক অনুষ্ঠানত বিজেপিত যোগদান কৰে পূৰ্ণ বাহাদুৰ ৰানাই। উল্লেখ্য যে সমাগত পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব পাৰে বুলি মন্তব্য কৰিছে নেতাগৰাকীয়ে।